বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে ছয়খন ৰাজ্যত অসামৰিক অনুশীলন!

জুন মাহত পঞ্জাৱত অনুষ্ঠিত হ’ব ‘অপাৰেচন শ্বিল্ড’

1748461471 1746517383 mock drill

India Pakistan:ভাৰত-পাকিস্তানৰ ‘উত্তেজনা’ৰ মাজতে সম্প্ৰতি পুনৰ ম’ক ড্ৰি’লৰ সিদ্ধান্ত লোৱা হৈছিল। নামকৰণ কৰা হৈছিল,‘অপাৰেচন শ্বিল্ড’।

বৃহস্পতিবাৰে সন্ধিয়া অসামৰিক অনুশীলনৰ আয়োজন কৰা হৈছিল ৰাজস্থান, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু জম্মু-কাশ্মীৰত । অৱশ্যে এতিয়াৰ বাবে ইয়াক ‘স্থগিত’ কৰা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বিগত সাত মে’ত সমগ্ৰ দেশৰ ২৪৪টা স্থানত সামৰিক অনুশীলন চলাব বুলি ঘোষণা কৰিছিল।যদিও কিন্তু ছয় মে’ৰ মাজনিশা ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ হে আৰম্ভ কৰে।

পাকিস্তানৰ একাধিক সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলোৱা হয়। পাকিস্তানেও ভাৰতৰ সীমান্ত অঞ্চলত আক্ৰমণ কৰি প্ৰতিশোধ লয়। চাৰিদিনীয়া যুদ্ধৰ অন্তত ঘোষণা কৰা হয় যুদ্ধবিৰতি। বৃহস্পতিবাৰে পুনৰ এই অনুশীলন অনুষ্ঠিত হোৱাৰ কথা আছিল। যদিও এতিয়াৰ বাবে পিছুৱাই দিয়া হৈছে ম’ক ড্ৰি’ল ।

Exit mobile version