Upendra Dwivedi: গুৰুদক্ষিণা হিচাপে ঘূৰাই আনিব লাগে পাক অধিকৃত কাশ্মীৰ । সেনাধ্যক্ষ উপেন্দ্ৰ দ্বিবেদীৰ ওচৰত এনে গুৰুদক্ষিণা বিচাৰিলে আধ্যাত্মিক গুৰু জগদগুৰু ৰামভদ্ৰাচাৰ্যই।
বুধবাৰে তেওঁৰ আশ্ৰম পৰিদৰ্শন কৰে সেনা প্ৰধানগৰাকীয়ে। তেতিয়াই শিষ্যৰ পৰা এনে গুৰুদক্ষিণা বিচাৰিছিল ৰামভদ্ৰাচাৰ্য্যই ।
অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত বুধবাৰে সেনা প্ৰধানগৰাকীয়ে মধ্যপ্ৰদেশৰ চিত্ৰকূটস্থিত গুৰুজনাৰ আশ্ৰমত উপস্থিত হয়। তেওঁ গুৰুৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰে।
শিষ্যক কাষত পাই বিশেষ মন্ত্ৰ দিলে গুৰু ৰামভদ্ৰাচাৰ্যই । বৃহস্পতিবাৰৰ সেই সাক্ষাৎৰ এখন ফটো প’ষ্ট কৰি তেওঁ লিখিছে,আজি সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে শ্ৰী তুলসী পীঠ চিত্ৰকূট ভ্ৰমণ কৰে।” তেওঁ ভাৰতীয় সেনাৰ বীৰত্বক আশ্ৰমখনৰ সাধু আৰু ছাত্ৰ-ছাত্ৰীৰ আগত আলোকপাত কৰে। আমি সেনাবাহিনীক চেলুট জনাইছো।”
সেনাধ্যক্ষৰ স’তে কি কথা পাতিলে? সেই প্ৰশ্নৰ উত্তৰত ৰামভদ্ৰাচাৰ্যই কয়,”সেনাধ্যক্ষজন মোৰ ওচৰলৈ আহিল। মই তেওঁক ৰামৰ মন্ত্ৰ দিলোঁ। হনুমানে মাতৃ সীতাৰ পৰা লংকা জয় কৰিবলৈ যি মন্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই মন্ত্ৰটো মই সেনাধ্যক্ষক দিলোঁ। তাৰ পাছত গুৰুদক্ষিণাৰ কথা আহিলত মই ক’লোঁ যে মই এনে দক্ষিণা বিচাৰিম, যিটো দক্ষিনা কোনো গুৰুৱে আগতে কেতিয়াও বিচৰা নাছিল।মই পাক অধিকৃত কাশ্মীৰক গুৰুদক্ষিণা হিচাপে বিচাৰো। মোৰ অনুৰোধ তেওঁ গ্ৰহণ কৰিছে। পাকিস্তানক এইবাৰ আমি উপযুক্ত উত্তৰ দিম।”






























