Fatasil -Ambari Police:
মহানগৰীৰ ফটাশিল-আমবাৰী আৰক্ষীৰ এক অভিযানত জব্দ কৰে ২২ টা চুৰি হোৱা ম’বাইল ৷ এজন লোকৰ ভিভ’ ম’বাইল হেণ্ডছেট হেৰুৱাৰ সন্দৰ্ভত দিয়া এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে গুডলু দাস নামৰ যুৱকজনক ৷ যুৱকজনৰ পৰাই উদ্ধাৰ কৰে এজাহাৰকাৰী লোকজনৰ হেৰুৱা ভিভ’ ম’বাইল হেণ্ডছেটটো ৷
ADVERTISEMENT
আনহাতে আটকাধীন গুডলু দাস নামৰ যুৱকজনৰ স্বীকাৰোক্তি ভিত্তিত বশিষ্ঠ চাৰিআলিস্থিত এখন ম’বাইল দোকানত অভিযান চলাই ২১টা চুৰি ম’বাইল উদ্ধাৰ কৰাৰ লগতে দোকান খনৰ স্বত্বাধিকাৰ চৌহদ তনবীৰ আলমক আটক কৰে ৷