Ripun Bora:
অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি তথা লোকসভাৰ বিৰোধী উপ- দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কৰি অহা পাকিস্তান কেন্দ্ৰীক অভিযোগ সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা সৰৱ হৈ অহাৰ সময়তে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তেওঁক তলব কৰিছিল বুধবাৰে ৷
সেই অনুসৰি বৃহস্পতিবাৰে চিএম ভিজিলেঞ্চ কাৰ্যালয়ত হাজিৰ হয় ৰিপুণ বৰা ৷ বৰাক সংগ দিয়ে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সহ বহু কেই গৰাকী জ্যেষ্ঠ নেতা।
ADVERTISEMENT
উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি জেৰাৰ সন্মুখীন ৰিপুণ বৰা ৷ চিআইডি ৫/২০২৫নম্বৰ গোচৰত তলব কৰা হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাজনক ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ সাক্ষ্য গ্ৰহণ কৰিব চিএম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক তথা এছআইটিৰ তদন্তকাৰী বিষয়া ৰ’জী কলিতাই ৷