পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ দামৰ বাবে দেশৰ লগতে বিজেপিৰ ভিতৰতো প্ৰতিবাদ হৈছে। উপনিৰ্বাচনত অসমক বাদ দি বাকী সকলোতে বিজেপিৰ বিপৰ্যয় হ’ল। কে’বাখনো ৰাজ্যত হ’বলগীয়া নিৰ্বাচন আৰু উপনিৰ্বাচনৰ বিপৰ্যয়ৰ বাবে কিছু দাম কমাইছে।
২০২১ চনতে ৩১ অক্টোবৰলৈ বিজেপিয়ে ৯৬ বাৰ পেট্ৰল, ডিজেলৰ দাম বাঢ়িছে। তাৰ পাছত কিছু কমাই দি BJP য়ে বাহ: বাহ: লৈ মানুহক মূৰ্খ বনাব খুজিছে। প্ৰথমে কৈ আছিল আন্তৰ্জাতিক মূল্যৰ বাবে দাম কমাব নোৱাৰি তেলৰ, তেন্তে এতিয়া কেনেকৈ কমাব পাৰিলে।
২০১৪ ত BJP এ শাসন লওঁতে ৯.২০ টকা আছিল আবকাৰী শুল্ক , এতিয়া ৩২.৯০ টকা আবকাৰী শুল্ক হ’ল পেট্ৰলত। এতিয়া পাঁচ টকা কমালেও দাম কত কমিল? এফালে পেট্ৰল, ডিজেলৰ দাম কমাই চৰকাৰী কেৰাচিন তেলত ৭.৫০ টকা বঢ়াই দিলে। এতিয়া দাম হল ৫১.৫৪ টকা।
বাণিজ্যিক ছিলিণ্ডাৰৰ দাম ২৬৬ টকা বঢ়াই দিলে। এতিয়া দাম ২০০১ টকা।সেই দাম কৰ পৰা উঠাব ব্যৱসায়ীয়ে? ৰাইজৰ পৰাই লব। এই ধৰণে ভেল্কীবাজি কৰি আছে BJP এ।
কংগ্ৰেছৰ দিনত পেট্ৰলৰ দাম ৭২ টকা হওঁতে BJP এ প্ৰতিবাদ কৰিছিল।২০১১-১২ ত ১১১.৮৯ ডলাৰ দাম আছিল খাৰুৱা তেলৰ প্ৰতি বেৰেলত। ২০১৪ ত বিজেপি অহাৰ সময়ত খাৰুৱা তেলৰ দাম নামিল ৮৪.১৬ ডলাৰলৈ। এতিয়া খাৰুৱা তেলৰ দাম ৪৪.৪২ ডলাৰ প্ৰতি বেৰেলত।
তাৰ পাছতো পেট্ৰল ডিজেলৰ দাম ইমান বেছি কিয়? কাৰণ দেশৰ উন্নয়ন কৰিবলৈ ধন আহৰণৰ বেলেগ একো উৎস নাই। সেয়ে পেট্ৰল ডিজেলক উৎস হিচাপে লৈছে। ২০১৪ ত ৭২১৬০ কোটি টকা কৰ কংগ্ৰেছে সংগ্ৰহ কৰিছিল তেলৰ পৰা আৰু BJP এ যোৱা ছয় বছৰত ২৫০০০০০ লাখ সংগ্ৰহ কৰিছে ।তেনেকৈ লুটৰাজ চলাইছে।
ৰন্ধন গেছৰ ২০১৪ ত দাম আছিল ৪১৪। আৰু আজি ৯৭০ টকা হৈ গল। কংগ্ৰেছৰ দিনত বছৰি খুব বেছি দুই টকা বাঢ়িছিল। এতিয়া ১০০ টকাকৈ বাঢ়িছে। আজি সকলো সামগ্ৰীৰ দাম বঢ়াৰ আৰত আছে তেলৰ মূল্যবৃদ্ধি।
কল্যাণকামী ৰাষ্ট্ৰ ক’ত? ভোট লৈ জোকে তেজ শুহি খোৱাৰ দৰে শুহিছে বিজেপি এ। জনমূৰী আয় আজি কমি আহিছে।আগতে সপ্তাহত চাৰি দিন মাছ মাংস খাইছিল, আজিকালি দুদিন খাই। আগতে কাপোৰ যিমান কিনিছিল, এতিয়া কমাই কিনে। GOBAL HUNGER INDEX বাঢ়ি গল কাৰণ এতিয়া লৰা ছোৱালীয়ে কমকৈ খাব পোৱা হ’ল প্ৰটিন।
পাকিস্তান, বাংলাদেশ, নেপালৰ অৱস্থা আমাতকৈ ভাল।২০১৯ ত ভাৰতৰ আঠ কোটি মানুহ বিপিএল আছিল। আজি ২৩ কোটি মানুহ বিপিএল হ’ল।তাৰ পাছত মোদী বিশ্বগুৰু? অসমত বিজেপি ক ভোট দিয়াত ৰাইজৰ ভুল নাই, ৰাইজ ঠিকে আছে।
https://fb.watch/9cCYdkEgN2/
অসমত ন কইনাৰ প্ৰতি মৰম থকাৰ দৰে বিজেপি লৈ মৰম আছে বাবে ৰাইজে ভোট দিছে। লাহে লাহে মোহ ভাঙিব বুলি মন্তব্য ৰিপুন বৰাৰ।