চাৰিওফালে টকাৰ দ’ম, তালাচী অভিযান চলাই হতভম্ব হ’ল ভিজিলেন্স বিভাগৰ বিষয়া

1748586391 money

Odisha: ঘৰৰ ভিতৰত দ’মে দ’মে সজাই থৈছে ৫০০ টকীয়া নোটৰ বাণ্ডিল। তলাচি অভিযানলৈ গৈ টকাৰ ‘পাহাৰ’ দেখি হতবাক হ’ল ভিজিলেন্স বিভাগৰ বিষয়া।

ওড়িশাৰ এজন চৰকাৰী অভিযন্তাৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰৰ হোৱা ঘটনাই স্তম্ভিত কৰি তুলিছে ।

অভিযন্তাজনৰ নাম বৈকুণ্ঠনাথ সাৰংগী। ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে আয়-বহির্ভূত সম্পত্তিৰ অভিযোগ উত্থাপন হৈ আহিছিল।

সেই অভিযোগৰ ভিত্তিত ভিজিলেন্স বিষয়াসকলে অভিযন্তাজনৰ ঘৰত অভিযান চলায়। সূত্ৰ অনুসৰি তদন্তকাৰীয়ে ঘৰ পোৱাৰ লগে লগে অভিযন্তাজনে খিৰিকীৰে বাহিৰলৈ টকাৰ বাণ্ডিল ৰাস্তালৈ দলিয়াই দিবলৈ আৰম্ভ কৰে।

অভিযন্তাৰ ঘৰৰ পৰা ৫০০ টকীয়া বাণ্ডিল পথত পৰি থকা দেখি স্তম্ভিত হৈ পৰে স্থানীয় ৰাইজে।

ভিজিলেন্স সূত্ৰই জনোৱা অনুসৰি অভিযন্তাজনৰ ঘৰৰ পৰা দুই কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। বৃহৎ পৰিমাণৰ ধন হিচাপ কৰিবলৈ মেচিনো আনিছে ।

কেৱল ভুৱনেশ্বৰতে নহয়, তেওঁৰ আন সাতটা ঠিকনাটো অভিযান চলাইছে ভিজিলেন্সৰ বিষয়াসকলে।

সূত্ৰ অনুসৰি ভুৱনেশ্বৰ, আংগুল, আৰু পিপিলী (পুৰী)ৰ মুঠ সাতটা স্থানত অনুসন্ধান অব্যাহত আছে। ভুৱনেশ্বৰৰ ঘৰৰ পৰা নগদ এক কোটি টকা উদ্ধাৰ।

আনহাতে, আংগুল জিলাৰ এজন অভিযন্তাৰ আন এটা ঘৰৰ পৰা এক কোটিতকৈ অধিক নগদ ধন উদ্ধাৰ কৰা হয়। আৰু অধিক ধন উদ্ধাৰ হ’ব পাৰে বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে।

শুকুৰবাৰে পুৱা আঠজন উপ-অধীক্ষক, ১২ জন পৰিদৰ্শক, ছয়জন সহকাৰী উপ-পৰিদৰ্শক আৰু ভিজিলেন্স বিভাগৰ আন কেবাজনো প্ৰশাসনিক বিষয়াই অভিযন্তাজনৰ ঘৰত তালাচী চলাই।

সূত্ৰই জনোৱা মতে, আংগুলৰ ভিজিলেন্স কোৰ্টৰ ন্যায়াধীশৰ নিৰ্দেশত এই তালাচী অভিযান চলোৱা হৈছিল।

ভিজিলেন্সৰ সূত্ৰ অনুসৰি অভিযন্তাজনৰ আংগুলেত দুমহলীয়া ঘৰ, ভুৱনেশ্বৰত এটা ফ্লেট, আৰু পুৰিৰ ছিউলাত আন এটা ফ্লেট আছে।

আটাইকেইখনতে অনুসন্ধান চলোৱা হৈছে। ইয়াৰ উপৰিও অভিযন্তাজনৰ আংগুলেত থকা আত্মীয়ৰ ঘৰ, তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ, আৰু তেওঁৰ কাৰ্যালয়তো তালাচী চলোৱা হৈছে।সূত্ৰৰ মতে অভিযন্তাগৰাকীৰ সম্পত্তিৰ পৰিসৰ এতিয়াও স্পষ্ট হোৱা নাই।

Exit mobile version