BNP’s Tarique Rahman demands national election by December:
চুবুৰীয়া বাংলাদেশত ড:মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ খন অধিষ্ঠিত কৰাত অন্যতম ভূমিকা লোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ নেচনেল পাৰ্টি( বিএনপি) শেহতীয়াকৈ ইউনুছৰ কেতবোৰ কৰ্মকাণ্ডোলৈ ক্ষুব্ধ হৈ পৰিছে ৷ বিশেষকৈ দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰে হোহোকাই পিছলাই থকা কাৰ্যক বিএন পিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমানে সকীয়নি পৰ্যন্ত দিবলগীয়া হৈছে ৷
বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ বাবে বহুলভাৱে চৰ্চিত বাংলাদেশ নেচনেল পাৰ্টিৰ (বিএনপি)ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।
বিএনপিৰ সহযোগী শাখা নেচনেল ছাত্ৰ দল, মহিলা দল, আৰু স্বেচ্ছাসেৱক দলৰ যৌথ উদ্যোগত ঢাকাৰ নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত “যুৱতীসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা” শীৰ্ষক এক সমাৱেশত ভাৰ্চুৱেলী ভাষণ দি তাৰিকে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচনত বিলম্ব নকৰিবলৈ সকীয়াই দিয়ে।
ইফালে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে জাপান-বাংলাদেশ সংসদীয় বন্ধুত্ব লীগৰ সভাপতি টাৰো আছ’ক জনাইছে যে অহা বছৰৰ ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত যিকোনো সময়তে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত মুখ্য উপদেষ্টা গৰাকীয়ে নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিব। জুন মাহলৈকে নিৰ্বাচনী ৰোডমেপ সম্পূৰ্ণ কৰা হ’ব।
মনকৰিবলগীয়া যেএক বৃহৎ আইনী পৰিঘটনাত বাংলাদেশ উচ্চ ন্যায়ালয়ে ২০০৭ চনত দুৰ্নীতি নিবাৰক আয়োগে দাখিল কৰা দুৰ্নীতিৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তথা বিএনপিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমান আৰু তেওঁৰ পত্নী জুবাইদা ৰহমানক দোষমুক্ত কৰে। ন্যায়াধীশ এম ডি খাছৰুজ্জামানৰ নেতৃত্বত উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰি নিম্ন আদালতে তাৰিকক ৯ বছৰৰ আৰু জুবাইদাক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত বাতিল কৰে।
আদালতে ৰায় দিয়ে যে এচিচিয়ে আইনী পদ্ধতি অনুসৰণ কৰা নাই, বিশেষকৈ জুবাইদাক সঠিক জাননী দিয়া নাছিল। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যুক্তিসংগত সন্দেহৰ বাহিৰত প্ৰমাণিত হোৱা নাছিল বুলি তেওঁলোকৰ অধিবক্তা এছ এম শ্বাহজাহানে কয়। এছ এম শ্বাহজাহান, কায়ছেৰ কমল, আৰু জাকিৰ হোছেইন ভূঞাই তাৰিক আৰু তেওঁৰ পত্নী জুবাইদাৰ আবেদনৰ যুক্তি আগবঢ়ায় | আনহাতে অধিবক্তা আছিফ হাছানে এচিচিৰ হৈ প্ৰতিনিধিত্ব কৰে।
২০২৩ চনত দোষী সাব্যস্ত হোৱাৰ পিছতো তাৰিক আৰু জুবাইদাৰ আবেদনৰ ফলত তেওঁলোকক চূড়ান্তভাৱে দোষমুক্ত কৰা হয়। আইনী গোচৰসমূহৰ পিছত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তাৰিকে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে বিএনপিক সংগঠিত কৰাত মনোনিৱেশ কৰিছে, পুনৰ কয় যে, “এতিয়াই প্ৰস্তুতি আৰম্ভ কৰক যাতে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হয়।”
