Wild elephant enters Assam Don Bosco University:
মহানগৰী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলৰ পাহাৰ সমূহ ধ্বংস কৰাৰ ফলত ক্ৰমাৎ সংকুচিত হৈ আহিছে বনাঞ্চল সমূহ ৷ ফলস্বৰূপে খাদ্যৰ সন্ধানত পাহাৰৰোপৰা নামি অহা বন্যহস্তীয়ে ভৈয়ামত চলাছে উপদ্ৰৱ ৷
ADVERTISEMENT
কিনকিনিয়া বৰষুণ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে মহানগৰীৰ পাশ্বৱৰ্তী সোনাপুৰৰ টেপেচিয়াস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয় চৌহদত সোমাল এটা প্ৰকাণ্ড দতাঁল হাতী ৷
আবেলিৰ আহাৰ গ্ৰহণ কৰিবলৈ যেন কেন্টিনত সোমাল গজৰাজ ৷ এনেদৰে বহুসময় বিশ্ববিদ্যালয় চৌহদত পাইচাৰি কৰি পিছত গজৰাজ গুৰুগম্ভীৰ খোজেৰে উভতি যায় দাঁতিকাষৰীয়া পাহাৰলৈ ৷






























