Sikkim:ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ ছিকিমৰ অৱস্থা ভয়াৱহ। নিশাৰ ভিতৰত হোৱা প্ৰবল বৰষুণৰ ফলত কেবাটাও অঞ্চলত সৃষ্টি হৈছে ভূমিস্খলন।
শুকুৰবাৰে সংঘটিত হোৱা দুৰ্যোগৰ পাছতে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে অধিক বৰষুণৰ আশংকা।বতৰ বিজ্ঞান কাৰ্যালয়তো অধিক বৰষুণৰ আশংকা প্ৰকাশ কৰিছে।
ছিকিম প্ৰশাসনে সোৰেং জিলাৰ মংগন, গিয়ালশ্বিংত বান আৰু ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে। মংগন জিলাত বান আৰু ভূমিস্খলনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে, আৰু নদীৰ কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
গেংটক জিলাৰ ডিকচুৰ পৰা চিংটামলৈকে তীস্তা নদীৰ কাষৰীয়া অঞ্চলসমূহতো সতৰ্কবাণী জাৰি কৰা হৈছে। পৰ্যটকক উত্তৰ ছিকিমৰ ট্ৰেভেল পাৰ্মিট প্ৰদান বন্ধ কৰি দিয়া হৈছে।
ইফালে ভূটানৰ পাহাৰত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে, যাৰ ফলত উত্তৰ দুৱাৰছ অঞ্চলত বানপানীৰ আশংকা বৃদ্ধি পাইছে।
মাইকৰ জৰিয়তে স্থানীয় বাসিন্দাসকলক সকীয়াই দিছে প্ৰশাসনে। শুকুৰবাৰে নিশা মুষলধাৰ বৰষুণৰ ফলত পাহাৰ আৰু ভৈয়ামৰ কেবাটাও স্থানত তীস্তা, জলধাকা, টৰছা, সংকোষ, বানপানীৰ সৃষ্টি হয়।
উত্তৰ ছিকিমৰ থিয়েং অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত ক্ষতিসাধন হোৱা বুলি মংগন জিলা প্ৰশাসনে জানিবলৈ দিয়ে। সম্পূৰ্ণৰূপে ব্যাহত হৈছে মোবাইল ফোন সেৱা। টুং চেকপোষ্টৰ সমীপত ভূমিস্খলনে ফলত তাৰ পথসমূহ অৱৰোধ হৈছে।
উল্লেখ্য যে,উত্তৰ ছিকিমৰ দুৰ্যোগৰ স’তে মোকাবিলা কৰিবলৈ সকলো বিভাগকে সাজু হ’বলৈ কয় প্ৰশাসনে। যদিহে তীষ্টাৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পায় তেন্তে দিকচু আৰু সিংথামৰ দৰে অঞ্চল ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
তীস্তা নদীৰ পাৰত বসবাস কৰা বাসিন্দাসকলৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। তীস্তাৰ কাষৰীয়া অঞ্চলৰ পৰা বাসিন্দাসকলক স্থানান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত শংকলং অঞ্চলত তীষ্টাৰ জলপৃষ্ঠ প্ৰায় ২.৫ মিটাৰ বৃদ্ধি পাইছে।