পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

3333

Gaza: হাতত প্লেট লৈ শাৰী পাতি থিয় হৈ থকা ভোকাতুৰ লোকৰ ভিৰত গুলীচালনা কৰে ইজৰাইলৰ সৈন্যই।দক্ষিণ গাজাৰ ৰাফাত এই মৰ্মান্তিক আক্ৰমণত কমেও ৩০ জন লোক নিহত হয়। আহত হয় আন ১১৫ জন ।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ইহুদী সৈন্যৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰে ।বিগত ডেৰ-দুমাহ ধৰি অৱৰোধ কৰা গাজাত ইহুদী সেনাই অভিযান চলাই আহিছে।

এই জটিল পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে বিশ্বৰ হেঁচাত গাজালৈ সাহায্য প্ৰেৰণৰ অনুমতি দিছে। সেই অনুসৰি বিভিন্ন দেশৰ পৰা তালৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।

কিন্তু খাদ্য সংকট পৰিস্থিতিত গাজালৈ সাহায্য প্ৰেৰণৰ ক্ষেত্ৰত সাহায্য সংস্থাসমূহে গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। ভোকাতুৰ মানুহৰ ভিৰে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি।

দেওবাৰে পুৱা সাহায্য সামগ্ৰী ভৰ্তি এখন ট্ৰাক আমেৰিকাই গাজালৈ প্ৰেৰণ কৰে।অভিযোগ অনুসৰি তাত খাদ্য পোৱাৰ আশাত ইজৰাইলৰ সৈন্যই নিৰ্বিচাৰে গুলীচালনা কৰে।

এই আক্ৰমণৰ পাছত ছ’চিয়েল মিডিয়াত কেবাখনো ফটো পোহৰলৈ আহে। য’ত দেখা যায় যে গাধই টনা গাড়ীত মৃতদেহ উঠাই লৈ যোৱা হৈছে।

এই কৰুণ ঘটনাই গাজাৰ মানৱ অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই আক্ৰমণক লৈ হামাছে ইহুদী সেনাৰ বিৰুদ্ধে মাত মাতিছে।

এক বিবৃতিত কোৱা হৈছে যে তথাকথিত ‘মানৱীয় সাহায্য’ বিতৰণ কৰা ঠাইত সমবেত হোৱা ভোকাতুৰ লোকৰ ভিৰত নিৰ্বিচাৰে গুলীয়াই গণহত্যা কৰা হয়।

হামাছে এই সকাহক মানৱীয় সাহায্য নহয়, মৃত্যুৰ ফান্দ বুলি অভিহিত কৰিছে। কিন্তু সাহায্য বিতৰণ কেন্দ্ৰত এনেকুৱা হোৱাটো প্ৰথম নহয়; ইয়াৰ পূৰ্বে ইজৰাইলী সেনাই সাহায্য বিতৰণ কেন্দ্ৰত গুলীচালনাত অসংখ্য লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে,এটা প্ৰতিবেদনত গাজাৰ শেহতীয়া কৰুণ ছবিসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। দাবী কৰা হৈছে যে গাজাৰ ২০ লাখ বাসিন্দাৰ অধিকাংশই ভয়াৱহ পুষ্টিহীনতাত ভুগিছে। সকাহ নাপালে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে তাত ১৪ হেজাৰ শিশুৰ মৃত্যু হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।

Exit mobile version