‘বানমুক্ত গুৱাহাটী’ৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰে বিগত প্রায় ১০ বছৰত কোটি কোটি টকা খৰচ কৰি আহিছে যদিও এই দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মহানগৰবাসীয়ে কিঞ্চিতমানো সকাহ লাভ নকৰিলে; বৰঞ্চ এই সমস্যাই তীব্ৰতৰ ৰূপ ধাৰণ কৰা বুলিহে চৰ্চিত হৈছে।
তাৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নলা পৰিষ্কাৰৰ বাবে ছুপাৰ ছাকাৰ আৰু পানী নিষ্কাসনৰ বাবে অত্যাধুনিক মেচিন ক্ৰয়ৰ প্ৰসংগটো। উল্লেখ্য যে গুৱাহাটীবাসীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে চমক সৃষ্টি কৰি গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছিল কমেও ২০খন ছুপাৰ ছাকাৰ।
নলাৰ পৰা শ্রমিক নোহোৱাকৈ মুহূৰ্ততে জাবৰ নিষ্কাসনৰ ক্ষমতাধাৰী এই অত্যাধুনিক মেচিনে গুৱাহাটীবাসীক কৃত্রিম বানৰ পৰা মুক্ত কৰিব বুলি শাসক পক্ষই দাবী কৰিছিল যদিও ই কিমানদূৰ সফল হ’ল সেয়া বিচাৰ্যৰ বিষয়।
কিয়নো আজিৰ দিনটোত এই অত্যাধুনিক মেচিনযুক্ত বাহনসমূহ চচলত শাৰী শাৰীকৈ সজাই ৰখা হৈছে। ফলত বিভিন্নজনৰ মনত প্রশ্ন উদয় হৈছে যে প্রকৃততে এই বাহনসমূহ গুৱাহাটীক বানমুক্ত কৰাত কিমানদূৰ সফল হৈছে।
লগতে এই ছুপাৰ ছাকাৰ ক্ৰয়ৰ নামত বিয়াগোম দুর্নীতিৰ সংঘটিত হোৱাৰো অভিযোগ উঠিছিল। ফলত এই বাহনসমূহ সমস্যা সমাধানৰ বাবে নে কাৰোবাৰ পকেট গৰম কৰিবলৈ ক্ৰয় কৰা হৈছিল ইয়াক লৈও সচেতন মহলৰ মাজত প্রশ্ন উদয় হৈছে।
ইফালে, যোৱা তিনি চাৰিদিন ধৰি গুৱাহাটী কৃত্রিম বানত ডুব গৈ থকাৰ সময়তে এই সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহ কিদৰে কোটি কোটি টকা ব্যয় কৰিছিল তাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ উপৰি গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ, লোকনির্মাণ বিভাগ, জল সম্পদ বিভাগে পৃথকে পৃথকে আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বর্ষত কেৱল ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’ আঁচনিৰ অধীনত এশ কোটি টকা ব্যয় কৰিছে।
সূত্ৰত প্রকাশ যে গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৰা উল্লিখিত দুটা বিত্তীয় বৰ্ষত গুৱাহাটী পৌৰ নিগমে ১২১.২৫ কোটি আৰু ২১৭.১৯ কোটি টকাৰ অনুদান লাভ কৰিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত পৌৰ নিগমে ‘মিছন ফ্লাড ফ্রী’ৰ নামত ৫২.২৫ কোটি, আৱৰ্জনা নিষ্কাসনৰ নামত (বকেয়া) ১৫.৯৭ কোটি, আবর্জনা নিষ্কাসনৰ বাবদ ৩.৯৯ কোটি আৰু আবর্জনা ব্যৱস্থাপনাৰ বাবদ ১.৫২ কোটি টকাৰ খৰচ কৰিছিল।
উল্লেখ্য যে এই বিত্তীয় বৰ্ষত গুৱাহাটী পৌৰ নিগমে শিলসাঁকো পৰিষ্কাৰৰ নামত ন কোটি তিনি লাখ, নুনমাটি-মঠঘৰীয়া নলা চাফাৰ নামত ৫১ লাখ, দীপৰ বিল পৰিষ্কাৰৰ নামত ৭৪ লাখ, বোন্দাত পাম্প হাউছ স্থাপনৰ নামত পাঁচ কোটি ৯৮ লাখ, দীপৰ বিলক জৈৱিকভাৱে প্ৰতিকাৰৰ নামত ৭৯ লাখ, বিএছএফ কেম্পৰ পৰা দীপৰ বিললৈ নলা চাফা-খননৰ নামত ৬৪ লাখ, পানী নিষ্কাসনত ব্যৱহৃত ডিজেল চালিত এমএফ ৫২/৩৮ এইছপি ট্রলী মাউন্টেড আৰু ১০/১২ এইছপি পাম্পৰ বাবদ ৫২ লাখ, ভৰলুমুখত বিদ্যুৎ চালিত এমএফ ৬০-৬৫/৫০-৫৫ এইছপি পাম্প স্থাপনৰ বাবদ ৩৫ লাখ, একেদৰে মৰা ভৰলু, লখিমীজান, বোন্দাজান, পাণ্ডু আৰু সদিলাপুৰত বিদ্যুৎ চালিত পানীৰ পাম্প স্থাপনৰ নামত ৫০ লাখ, ভবলু নদীত শুইছ গেট স্থাপন আৰু মেৰামতিৰ নামত ১৫ লাখ টকা ব্যয় কৰা হৈছিল।
একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত পৌৰ নিগমে ‘মিছন ফ্লাড ফ্রী’ব নামত ৪৭.৭০ কোটি টকা ব্যয় কৰিছে। একেদৰে নগৰীয়া বানপানী প্রশমনৰ বাবে বাহন আৰু যন্ত্রপাতি ক্রয়, আৱৰ্জনা ব্যৱস্থাপনাৰ নামত এই বর্ষটোত ৮.২৮ কোটি টকা ব্যয় কৰিছে।
ইয়াৰ অংশস্বৰূপে দীপৰ বিলৰ জৈৱিক প্ৰতিকাৰৰ বাবদ চাৰি কোটি সাত লাখ, বোন্দাত ছটা এমএফ পাম্প স্থাপনৰ নামত পাঁচ কোটি ২১ লাখ, পানী নিষ্কাসনৰ মেচিন আৰু প্রয়োজনীয় যন্ত্র-পাতিৰ নামত এক কোটি ৮৮ লাখ, ভৰলুমুখৰ পাম্প ষ্টেছনত নতুন চাৰিটা পাইপলাইন স্থাপনৰ নামত এক কোটি ৮৫ লাখ, বোন্দাজান চেনেলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ হৈ ব্ৰহ্মপুত্ৰলৈ পানী যোৱা পথ মুকলিৰ নামত ৩৮ লাখ টকা, শিলসাঁকোৰ বহন ক্ষমতা বৃদ্ধিৰ বাবে খননৰ নামত ২৩ কোটি ৪৯ লাখ টকা, শিলসাঁকো বিল চাফ কৰাৰ নামত এক কোটি ৭১ লাখ, বোন্দাজানৰ পানী যোৱা পথ মুকলিৰ নামত এক কোটি ৭২ লাখ টকা, বাহিনী নদীক বিভক্ত কৰি পিপক’ৰ পৰা শিলসাঁকো বিললৈ বোৱাই নিয়াৰ নামত তথা পাম্প স্থাপনৰ নামত ন কোটি টকা, বিভিন্ন শুইছ গেট স্থাপনৰ নামত ৩৮ লাখ টকা ব্যয় কৰা হৈছে।
উল্লেখ্য যে এই ব্যয় মাত্র এটা অংশহে, গুৱাহাটীক কৃত্রিম বানমুক্তৰ কৰাৰ নামত আন বহু কোটিটকীয়া আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে; কিন্তু এই সকলো আঁচনি ফ্লপ শ্ব’ট পৰিমাণত কৰি যোৱা তিনিদিন ধৰি কৃত্রিম বানত বুৰ গৈ আছে গুৱাহাটী।