বৰ্তমানৰ সময়ত ভাৰতত অতি বিলাসী বাসগৃহৰ ক্রয়-বিক্র বৃদ্ধি পাইছে। দৰৱ প্ৰস্তুতকাৰক সংস্থা ইউএছভিৰ অধ্যক্ষা লীনা গান্ধী তিৱাৰীয়ে মুম্বাইৰ ৱৰ্লী অঞ্চলত ৬৩৫ কোটি টকাত দুটা ডুপ্লেক্স ফ্লেট ক্ৰয় কৰিলে।
এই দুই ফ্লেটৰ আকাৰ হৈছে ২২,৫৭০ বর্গ ফুট। সেই হিচাপে প্ৰতি বৰ্গ ফুটৰ মূল্য আছিল ২.৮৩ লাখ টকা। ইক’ন’মিক টাইমছৰ বাতৰিত উল্লেখ কৰা অনুসৰি, এইটো ভাৰতত ফ্লেট ক্ৰয়ৰ ক্ষেত্ৰত সবাতোকৈ এক মহঙা লেনদেন আছিল।
বিগত কেই বছৰমানৰ পৰা ভাৰতত ধনাঢ্য লোকে বাসগৃহত অধিক ধন ব্যয় কৰিছে। ইয়াৰ ফলত দেশত বিলাসী বাসগৃহৰ বজাৰৰ ব্যাপক পৰিৱৰ্তন হৈছে।
লীনাৰ দৰে আন এটি উদ্যোগী পৰিয়াল কোটক পৰিবাৰে মুম্বাইত সমুদ্ৰৰ সন্মুখত অলপতে এটা বাসগৃহ প্রায় ৬২৮ কোটি টকাত ক্ৰয় কৰিছিল। একেদৰে ডীমাৰ্টৰ স্বত্বাধিকাৰী ৰাধাকিষণ ডমানীয়ে মালৱাৰ হিলত ১০০০ কোটি টকা ব্যয়ৰে এটা পুৰণি বাংলো ক্ৰয় কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈছে যে ভাৰতীয়ৰ ধনাঢ্যই কেৱল শ্বেয়াৰ বজাৰ আৰু ষ্টার্টআপতে ধন বিনিয়োগ আবদ্ধ ৰখা নাই। তেওঁলোকে ভূমি আৰু বাসগৃহতো যথেষ্ট ধন বিনিয়োগ কৰিছে।
এই কাৰণতে সম্প্ৰতি দিল্লী, মুম্বাইৰ লগতে দেশৰ আন একাংশ চহৰত ফ্লেট-এপার্টমেণ্টৰ মূল্য দ্রুতগতিত বৃদ্ধি পাইছে। মুম্বাই, বাংগালুৰু, আহমেদাবাদ, জয়পুৰ, থানে, চণ্ডীগড়, লক্ষ্ণৌ, হায়দৰাবাদৰ দৰে চহৰত আৱাসগৃহৰ মূল্য দ্রুতগতিত বৃদ্ধি পাইছে।