Artificial Flood In Guwahati:
গুৰুতৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ ভূমিস্খলনৰ ঘটনাই। ১৮ খন পাহাৰৰে ভৰি থকা মহানগৰীত প্রশাসনৰ চকুৰ আগতে যি ধ্বংস কার্য চলি আহিছে, তাৰ পৰিণতিত ভূমিস্খলনত প্ৰতি বছৰে প্ৰাণ হেৰুৱাই আহিছে বহু লোকে। তৎসত্ত্বেও চৰকাৰ আৰু জিলা প্রশাসনৰ গা লৰা নাই। ফলত পাহাৰত নিয়মীয়াকৈ বেদখল চলি আহিছে আৰু সামান্য এজাক বৰষুণ দিলেই সংঘটিত হৈ আহিছে ভূমিস্খলন।
তাৰ ব্যতিক্রম এইবাৰো হোৱা নাই। যোৱা চাৰি দিনৰ ভিতৰত শিশুসহ পাঁচজনৰ জীৱন ভূমিস্খলনে কাঢ়ি নিয়ে। তদুপৰি কথমপি পাণৰক্ষা পৰে বহু লোকৰ। যেৱা তিনিদিনত হোৱা বৰষুণে পাহাৰীয়া বহু অঞ্চল অতি বিপজ্জনক কৰি তুলিছে। যোৱা নিশা আৰু দেওবাৰে পুৱা চন্দ্ৰপুৰৰ তিনিটা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে কে’বাটাও পৰিয়ালৰ। হৰেন গগৈ নামৰ এজন বৃদ্ধ লোকক স্থানীয় লোকে মাটিয়ে পুতি পেলোৱা অৱস্থাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
চন্দ্ৰপুৰৰ অৰণ্য নগৰ, আকাশী নগৰ আৰু গোবর্ধনত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। অৰণ্য নগৰৰ হৰেন গগৈ, আকাশীনগৰৰ কাঞ্চন দত্ত আৰু গোবর্ধনৰ অজিত দেৱ, ৰঞ্জিত দেৱ আৰু দিলীপ দেৱ নামৰ লোককেইজনৰ বাসগৃহ পাহাৰৰ খহি পৰা বৃহৎ অংশ, ওপৰৰ পৰা খহি পৰা পকী বেৰৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। অৰণ্যনগৰৰ স্থানীয় লোকে জনোৱা মতে, কাণেৰে নুশুনা আৰু চকুৰে নেদেখা হৰেন গগৈক পাহাৰৰ খহি পৰা মাটিয়ে সম্পূর্ণৰূপে পুতি পেলায়। তাৰ পাছত কোনোমতেহে ৰাইজে তেওঁক মুর্মূধু অৱস্থাত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে অৰণ্যনগৰত যোৱা বছৰো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। ৰাইজে অভিযোগ কৰা মতে, প্রশাসনৰ লোক সেই ঘটনাৰ পাছত আজিলৈকে অঞ্চলটোলৈ যোৱা নাই।
গোবর্ধনত পকী বেৰ খহি পৰাৰ কে’বাটাও ঘটনা সংঘটিত হয় এই ঘটনাত অঞ্চলটোৰ কে’বাটাও পৰিয়ালৰ পকী বেৰতো ফাট মেলে। এতিয়াও অতি বিপজ্জনক অৱস্থাত আছে পাহাৰৰ কে’বাটাও অংশ। ফলত আতংকিত কে’বাটাও পৰিয়ালে অন্য স্থানত আশ্রয় ল’বলৈ বাধ্য হৈছে।
মহানগৰীৰ নুনমাটিৰ আনন্দনগৰতো পাহাৰৰ মাটি খহাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ দুটা পৰিয়ালৰ ঘৰৰ কোঠা একপ্ৰকাৰ শূন্যত ওলমি থকাৰ দৰেহে আছে। ইপিনে, বোন্দাৰ আমগাঁৱৰ নন্দপথৰ বাসিন্দা আব্দুল কুদ্দুছৰ ঘৰত পাহাৰৰ ওপৰৰ পৰা এটা বৃহৎ অংশ খহি পৰে। ইয়াৰ ফলত পৰিয়ালটোৰ মানাগাৰ আৰু শৌচাগাৰ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে। ইয়াৰ পূর্বেও উক্ত অঞ্চলটোত একাধিকবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল দেওবাৰৰ ঘটনাটোত আব্দুল কুদ্দুছৰ পৰিয়ালটোৰ কথমপিহে প্ৰাণৰক্ষা পবে।
#কৃত্রিম বানৰ প্ৰভাৱ বাহাল
ভয়াৱহ কৃত্রিম বানৰ পৰা মহানগৰীৰ বেছিভাগ অঞ্চলেই আজি মুক্ত হয় যদিও ৰুক্মিণীগাঁৱৰ ৰাজপথৰ পানী এতিয়াও শুকোৱা নাই। ইপিনে, পথ আৰু ঘৰৰ পানী শুকালেও মানুহৰ যন্ত্ৰণাৰ সীমা নোহোৱা হৈছে। পানী ওলাই যোৱাৰ পাছত ঘৰ পৰিষ্কাৰ কৰা, নষ্ট হোৱা সা-সামগ্ৰীৰ ৰূপ দেখি মুৰে-কপালে হাত দিবলগীয়া হৈছে বহু লোকে। এপদ এপদকৈ গোটোৱা সামগ্রী বেছিভাগ লোকৰে চিৰদিনৰ বাবে নষ্টহৈ পৰে। ইপিনে, ঘৰ পৰিষ্কাৰ কৰিবলৈয়ো শ্রমিকৰ নাটনি হৈছে। সুযোগ বুজি একাংশ শ্রমিকেও মজুৰি বৃদ্ধি কৰিছে। ইয়াৰ ওপৰতে বেমাৰৰ আতংকও বৃদ্ধি হৈছে।
#অসহায় মন্ত্রী-চৰকাৰ !
গুৱাহাটীৰ বান পৰিস্থিতিক লৈ দেওবাৰে পৌৰ নিগমৰ কাৰ্যালয়ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে সকলো পাৰিষদ উপস্থিত থকা সভাৰ পাছত মন্ত্রী বৰুৱাই একপ্ৰকাৰ অসহায়ভাবে কয়, ‘পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনাও আছে। ইয়াক আমি নোহোৱা কৰিব নোৱাৰো; কিন্তু সমস্যাটোৰ কিদৰে মোকাবিলা কৰিব পাৰো, তাৰ আলোচনা আমি কৰিছো।’ সভাত বানাক্ৰান্তৰ মাজত প্রয়োজনীয় সামগ্রী বিতৰণ ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সভাতে ভূমিস্খলনত মৃত্যু হোৱা প্ৰতিজনৰ বিপৰীতে চাৰি লাখকৈ টকা আজিৰ ভিতৰতে নিকটাত্মীয়ক প্রদানৰো সিদ্ধান্ত লোৱা হয়।






























