Jamunamukh Flood:
নাও নহয়, এম্বুলেন্স চলিছে বানৰ কোবাল সোঁতত , শিহৰণকাৰী দৃশ্য বন্দী হয় কেমেৰাত। হোজাই জিলাৰ যমুনামুখত ভয়ানক বান পৰিস্থিতি। যমুনামুখ-সৰুপথাৰ গড়কাপ্তানী পথৰ ওপৰেদি বৈছে পানীৰ কোবাল সোঁত।
ADVERTISEMENT
সোমবাৰে পুৱা হঠাৎ পথছোৱা বুৰাই পেলায় কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে ৷ পথছোৱা বুৰাই পেলোৱাৰ ফলত যাতায়ত ব্যৱস্থা হৈ পৰে ব্যাহত ৷ ট্ৰেক্টৰৰ জৰিয়তে অতি বিপদসংকুলভাৱে যাতায়ত কৰিছে ৰাইজে। যমুনামুখ একমাত্ৰ বহিঃবিশ্বৰে যাতায়ত কৰা পথছোৱা বানৰ কবলত পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ।
জিলা প্ৰশাসনক বানত আৱদ্ধ হৈ পৰা গঞাক উদ্ধাৰ কৰিবলৈ কামপুৰ মণ্ডলৰ বিজেপিৰ সভাপতি ৰাতুল বৰাই আহ্বান জনাইছে ৷






























