Gaurav gogoi meet Dr Martina Tudu:চাওতাল সম্প্ৰদায়ৰ প্ৰথমগৰাকী এমবিবিএছ ডিগ্রীধাৰী ছাত্রী মার্টিনা টুডুলৈ অভিনন্দন  গৌৰৱ গগৈৰ

বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পঠিওৱা অভিনন্দন পত্ৰ প্ৰদান মার্টিনাক

gaurav martinia

Gaurav gogoi meet Dr Martina Tudu:

চাওতাল সম্প্ৰদায়ৰ প্ৰথম গৰাকী এমবিবিএছ ডিগ্রীধাৰী ছাত্রীলৈ মার্টিনা টুডুলৈ অভিনন্দন জ্ঞাপন এপিচিচিৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈৰ। মার্টিনাৰ পৰিয়ালৰ উপস্থিতিত তেওঁক লোকসভাৰ বিৰোধী উপ- দলপতি গৰাকীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

আনহাতে মার্টিনা টুডুৰ কৃতিত্ব লৈ গৌৰাৱাম্বিত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ৷গান্ধীয়ে অভিনন্দন জনাই প্ৰেৰণ কৰা পত্ৰ মার্টিনা টুডু তথা পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰে গৌৰৱ গগৈয়ে।

এই সন্দৰ্ভত সাংসদ গগৈয়ে কয়,মার্টিনাৰ এই কৃতিত্বই চাওতাল সম্প্ৰদায়ৰ শৈক্ষিক সফলতাৰ পথত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ থাকিব আৰু সমগ্ৰ ৰাজ্যখনৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব। মার্টিনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই সফলতাৰ ধাৰা অবিৰতভাৱে অব্যাহত থাকক |

Exit mobile version