Jammu and Kashmir: পাকিস্তানী উগ্ৰপন্থী সংগঠনৰ স’তে সম্পৰ্ক থকাৰ অভিযোগত তিনিজন চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই।
সূত্ৰ অনুসৰি অভিযুক্তসকলে পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ বাবে কাম কৰিছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তসকলৰ ভিতৰত আছে এজন আৰক্ষী কনিষ্টবল মালিক ইছফাক নাছিৰ, ইয়াৰ উপৰিও স্কুলৰ শিক্ষক আজিজ আহমেদ আৰু শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী ৱাছিম আহমেদ খান।
এজন তদন্তকাৰীয়ে কয়,আৰক্ষী আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ৰ কৰ্মী সন্ত্ৰাসবাদীৰ সহযোগী, এইটো এটা অতি বিপদজনক ঘটনা। যদিহে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ডাঙৰ সমস্যা আহি পৰিব ।
ইছফাক নাছিৰে ২০০৭ চনত জম্মু-কাশ্মীৰ আৰক্ষীত যোগদান কৰে।২০১৯ চনত এটা সন্ত্ৰাসবাদ বিৰোধী অভিযাননত ইছফাকৰ ভাতৃ আছিফ নাছিৰক হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে।
শেহতীয়াকৈ অস্ত্ৰ সৰবৰাহৰ তদন্তৰ সময়ত ইছফাকৰ উগ্ৰপন্থী সংযোগ ফাদিল হয় ।
বিদ্যালয়ৰ শিক্ষক আজিজ আহমেদে পুঞ্চ অঞ্চলত উগ্ৰপন্থীক চোৰাং অস্ত্ৰ সৰবৰাহত সহায় কৰাৰ অভিযোগ উত্থাপন হয়।২০০৭ চনত স্বাস্থ্য বিভাগত যোগদান কৰে ৱাছিম খানে
সাংবাদিক সুজাত বুখাৰী আৰু তেওঁৰ দুজন নিৰাপত্তাৰক্ষীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল ৱাছিমৰ নাম।






























