Pahalgam terror attack:পহলগাম আক্ৰমণৰ এমাহৰো অধিক সময় পাৰ হৈ গ’ল। ইয়াৰ পাছতে সম্প্ৰতি কাশ্মীৰ ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
সূত্ৰ অনুসৰি,চলিত সপ্তাহতে শ্ৰীনগৰ-কাটৰা ৰেলপথ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য যে এই ৰেলপথটো ১৯ এপ্ৰিলত উদ্বোধন হোৱাৰ কথা আছিল।
কিন্তু নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হয়। তিনিদিন পাছতে পহলগামত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।
দেশৰ বাকী অংশৰ স’তে ৰেলপথ সংযোগ হ’বলৈ ওলাইছে কাশ্মীৰ উপত্যকাক । কাটৰা পৰা শ্ৰীনগৰলৈ প্ৰথমখন ৰে’ল হ’ব বিশেষ বন্দে ভাৰত এক্সপ্ৰেছ।
১৯ এপ্ৰিলত মোডীয়ে ৰেলপথ উদ্বোধন কৰিবলৈ কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা আছিল যদিও অৱশেষত নিৰ্ধাৰিত অনুষ্ঠান বাতিল কৰা হয়।
প্ৰতিকূল বতৰৰ বাবে এই অনুষ্ঠান বাতিল কৰা বুলি ৰেলৱেই জানিবলৈ দিয়ে।






























