WhatsApp controversial screenshot:
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব লোৱাৰ দিনাই ভাইৰেল হ’ল এখন বিতৰ্কিত স্ক্ৰীণচৰ্ট ৷ শাসকীয় দলৰ একাংশ নেতাৰ লগতে একাধিক মন্ত্ৰীৰ দ্বাৰা সামাজিক মাধ্যমত আপলোড কৰা হৈছে এই স্ক্ৰীণচৰ্ট ৷
বিতৰ্কিত স্ক্ৰীণচৰ্ট অনুসৰি গৌৰৱ গগৈৰ সম্বৰ্ধনা সভালৈ অহা ধৰ্মীয় সংখ্যালঘু সকলক এগৰাকী কংগ্ৰেছ নেতাই দিছিল কেতবোৰ অপত্তিজনক নিৰ্দেশনা ৷ উক্ত অনুষ্ঠানত সংখ্যালঘু লোক সকলক সন্মুখৰ আসনত নবহিবলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ স্ক্ৰীণচৰ্টত। গৌৰৱ গগৈৰ সম্বৰ্ধনা অনুষ্ঠানলৈ অহা মুছলমান সকলক টুপী নিপিন্ধাকৈ অহাৰ নিৰ্দেশ উল্লেখ আছে এই স্ক্ৰীণচৰ্টত ৷ একেদৰে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখলৈ টুপী পিন্ধা মুছলমান সকলক নাহিবলৈ গৌৰৱ গগৈৰ ঘনিষ্ঠ মেঘনাথ ছেত্ৰীয়ে নিৰ্দেশ দিয়াৰ কথা উল্লেখ আছে এই স্ক্ৰীণচৰ্টত
হোৱাটচআপ যোগে এই নিৰ্দেশ কৰ্মী সকলক গৌৰৱ গগৈৰ কাৰ্যালয় সচিব মেঘনাথ ছেত্ৰীয়ে দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে এই স্ক্ৰীণচৰ্ট ভাইৰেল কৰি ৷
#স্পষ্টীকৰণ মেঘনাথ ছেত্ৰীৰ
ইপিনে এই স্ক্ৰীণচৰ্টক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতেই স্পষ্টীকৰণ আগবঢ়াইছে কংগ্ৰেছৰ নেতা মেঘনাথ ছেত্ৰীয়ে ৷ ধৰ্মীয় সংখ্যালঘু কংগ্ৰেছ কৰ্মীলৈ দিয়া তথাকথিত বিতৰ্কিত নিৰ্দেশক অপপ্ৰচাৰ আখ্যা মেঘনাথ ছেত্ৰীৰ ৷ দুষ্ট চক্ৰই তেওঁৰ নামত অপপ্ৰচাৰ কৰাৰ অভিযোগ ছেত্ৰীৰ ৷ ভাইৰেল হোৱা স্ক্ৰীণচৰ্টত তেওঁৰ নামটো ভুলকৈ উল্লেখ কৰা হৈছে বুলি অভিযোগ কংগ্ৰেছ নেতা গৰাকীৰ ।






























