Eviction:
অৱশেষত চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ উদ্থাপিত অভিযোগ মতে যোৰহাট পৌৰসভাৰ ভুৱা এনঅচি’ লৈ পৌৰসভাৰ মাটি দখল কৰিছিল বিৰ্তকিত আজাদ চৌধুৰীয়ে ৷
যোৰহাট পৌৰসভাত মঙলবাৰে অনুস্থিতি হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে কবৰ স্থান ৰোডত চৰকাৰী ভুমিত থকা আজাদ চৌধাৰী গৃহটো উচ্ছেদ কৰা সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে ৷
বিৰ্তকিত আজাদ চৌধুৰী লিজত থকা আবাহ গৃহ উচ্ছেদ কৰে প্ৰশাসনে ৷ ইয়াৰ বাবে মোতায়ন কৰা হৈছে বৃহৎআৰক্ষী বাহিনী । উপস্থিত থাকে কাৰ্যবাহী দণ্ডাধীশ ৷ উচ্ছেদৰ বিৰুদ্ধে চৌধুৰীৰে দণ্ডাধীশৰ স’তে কথাৰ কটাকটি হয় যদিও পিছত ঘৰৰ এপদ এপদ কৈ খালী কৰে ঘৰৰ সকলো আচবাব।
উল্লেখ্য যে বীৰ লাচিত সেনা অসমে এই সন্দেহজনক লোকজনৰ বাসগৃহ উচ্ছেদৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ কৰি আহিছিল যোৰহাটত ৷






























