Game Village:মহানগৰীৰ লালমাটিৰ গেমছ ভিলেজৰ বন্ধ কোঠাত অনৈতিক কাৰ্য সংঘটিত !

স্থানীয় লোকৰ তৎপৰতাত হাতে লোটে ধৰা পৰিল ১১ যুৱক- যুৱতী

game village

Game Village:

মহানগৰীৰ লালমাটিৰ গেম ভিলেজত বশিষ্ঠ আৰক্ষীৰ অভিযান ৷ অসংযত অৱস্থাত আটক ১১ গৰাকী যুৱক-যুৱতী ৷

গেম ভিলেজ এপাৰ্টমেণ্টৰ এ-১৫ ব্লকৰ ৪নং ফ্লেটত দীৰ্ঘদিনে চলি আহিছিল অনৈতিক কাৰ্য-কলাপ ৷ এই সন্দৰ্ভত অতিষ্ঠ হৈ আবাসীয়ে সোমবাৰে নিশাই বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে ৷ আবাসীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ১১ গৰাকী যুৱক-যুৱতী ৷ ফ্লেটটোত আৰু বহু যুৱক-যুৱতী থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে গেম ভিলেজত অব্যাহত ৰাখিছে অভিযান ৷

মনকৰিবলগীয়া যে,গেম ভিলেজৰ অধিকাংশ ফ্লেট জনতা ভৱনৰ বিষয়া-কৰ্মচাৰী থকাৰ বিপৰীতে আন আন ফ্লেট সমূহ আন আবাসীৰ ৷ গেম ভিলেজৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষী থকাৰ পিছতো এইদৰে ফ্লেটত অনৈতিক কাৰ্য সংঘটিত হোৱা ঘটনাই সচেতন মহলক কৰি তুলিছে সচকিত ৷

Exit mobile version