Dispur Manabendra Complex:
অসম প্রদেশ কংগ্রেছৰ সভাপতিৰূপে মঙলবাৰে দায়িত্বভাৰ গ্রহণ কৰে লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।
উল্লেখ্য যে সোমবাৰে নিশা গুৱাহাটী উপস্থিত হয় সাংসদ গগৈ ৷ পুৱা তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি পুৰ্জা – অৰ্চনা কৰে ৷ ইয়াৰ পিছতে তেওঁ ৰাওনা হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনলৈ ৷ ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছতে গগৈক গায়ন- বায়নেৰে আদৰি নিয়া হয় ৷ সহস্ৰাধিক কংগ্ৰেছ নেতা- কৰ্মীয়ে উস্ম আদৰণি জনায় ৷
ইয়াৰ পিছতে ঐক্যবদ্ধৰে আগবাঢ়ি যোৱা সংকল্পৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ নতুন নেতৃত্বৰ সেনাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে এপিচিচি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সভাপতি আসন বহে ৷ তেওঁক আদৰি আনে বিদায়ী সভাপতি ভূপেন বৰা ৷ উপস্থিত থাকে এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰভাৰী জিতেন্দ্ৰ সিং,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন এপিচিচিৰ সভাপতি ৰিপুণ বৰা ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ ,এপিচিচিৰ সদ্য নিযুক্ত কাৰ্যকৰী সভাপতিত্ৰয় জাকিৰ হুছেইন শিকদাৰ,ৰৌজলীনা তিৰ্কী,প্ৰদীপ সৰকাৰ,সাংসদ ৰকিবল হুছেইন সহ আন সাংসদ আৰু বিধায়ক সহ জ্যেষ্ঠ নেতা- কৰ্মী উপস্থিত থাকে ৷
সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, মোক কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক কংগ্ৰেছ সভাপতিৰ দৰে গধুৰ দায়িত্ব দিলে ৷তাৰ বাবে মই কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত চিৰঋণী ৷ এতিয়া মোৰ প্ৰথম দায়িত্বই হ’ব ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনক ২৬ ত দিছপুৰৰ মনছদৰ পৰা উংখাত কৰা ৷ ইয়াৰ বাবে দলটোৰ ৰাইজৰ পদূলিলৈ নিয়া ৷ মুখ্যমন্ত্ৰীৰ দুনীৰ্তি – ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজে সমূচিত উত্তৰ দিয়ক ৷এই শ্ল’গানেৰে ৰাইজক সচেষ্ট আৰু উৰ্ধত কৰটোৱে প্ৰথম আৰু মুল দায়িত্ব হ’ব ৷
বিজেপিক উৎখাতৰ বাবে আগন্তুক দিনত আন আন বিৰোধী দলৰ স’তে মিত্ৰতা কৰিব বুলি সাংবাদিককে সোধা এক প্ৰশ্নোত্তৰত গগৈয়ে কয়, কংগ্রেছে এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ স’তে মিত্রতা কৰোতে যথেষ্ট সাবধানতা অবলম্বন কৰিব। লগতে নিজকে অধিক শক্তিশালী কৰি ৰাইজৰ মতামত গ্রহণ কৰিহে মিত্রতাৰ প্রসংগত আগবাঢ়িল। অসমত কংগ্রেছক অধিক শক্তিশালী কৰট তুলিব লাগিব। দলটোক যদি ভালকৈ শক্তিশালী কৰিব নোৱাৰো , ভাল মিত্রও হ’ব নোৱাৰিম। ভাল শক্তিশালী মিত্রদল পাবলৈ নিজৰো শক্তি বৃদ্ধি কৰিব লাগিব।
অৱশ্যে ৰাইজে কেনেধৰণৰ মিত্রতা বিচাৰে, কোন বিষয়ৰ ওপৰত মিত্ৰতা হোৱাটো বিচাৰে, মিত্রতা প্রসংগত আমি কোন কেইটা বিষয় উত্থাপন কৰাটো বিচাৰে তাকে জানিবলৈ আমি ৰাইজৰ ওচৰলৈ যাব লাগিব।’ বিৰোধীৰ ঐক্য সন্দর্ভত পূর্বৰ সভাপতি ভূপেন বৰাই গ্রহণ কৰা পদক্ষেপকো শলাগ লয় গগৈয়ে। তেওঁ কয়, ‘ভূপেন বৰাক মই সফল বুলি কওঁ। তেওঁ যোৱা চাৰিটা বছৰৰ ভিতৰত কে’বাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত ল’লে। সভাপতি হৈয়ে তেওঁ ডাঙৰ সিদ্ধান্ত ল’লে যে এআইইউডিএফৰ লগত মিত্রতা নকৰাৰ।’ প্রদেশ কংগ্রেছৰ সভাপতি গগৈয়ে লগতে কয়, ‘বিৰোধী ঐক্যমঞ্চৰ বাবে কেৱল কংগ্রেছক দোষাৰোপ কৰিলেই নহ’ব। ইয়াত আমাৰ কিছু সামুহিক বিশ্লেষণৰ দৰকাৰ আছে।’
আগন্তুক দিনত দলব তৃণমূল পর্যায়ৰ কর্মীসকলৰ মতামতক অধিক গুৰুত্ব দিয়া হ’ব বুলি প্রকাশ কৰি গগৈয়ে কয়, ‘আমি সামুহিক নেতৃত্বক বিশ্বাস কৰো। তৃণমূল পর্যায়ৰ কর্মীসকলক মই আটাইতকৈ বেছি গুৰুত্ব দিওঁ। দলৰ বাবে মোতকৈ বেছি কাম মণ্ডল, ব্লকৰ কর্মীসকলে কৰে।’ পঞ্চায়ত নির্বাচন আৰু ইয়াৰ পাছৰ প্রতিটো কামেই বিশ্লেষণ কৰা হ’ব বুলিও উল্লেখ কৰি গগৈয়ে কয়, ‘অনাগত দিনত আমি কেনেকৈ আৰু অধিক সবল হ’ব পাবো তাব বাবে পদক্ষেপ লোৱা হ’ব। বিজেপি দলে কোনবোৰ কেলেংকাৰি লুকুৱাই থ’ব বিচাৰিছে সেইবোৰ আমি ফাদিল কৰিব লাগিব।’
আনহাতে ৰাজীৱ ভৱনৰ পৰা গৌৰৱ গগৈ ৰাওনা হয় লাষ্টগেটস্থ দিছপুৰ ব্লক কংগ্ৰেছ কাৰ্যালয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদলৈ ৷ ইয়াত তেওঁক বিপুলভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷






























