Ranganadi River:
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৱা নিশাই ৰঙানদীৰ আমতলাত চেনেল কাটি উলিয়াই দিয়া হ’ল আবদ্ধ পানী ৷ ৰঙানদীৰ বাঢ়নী পানীয়ে তচনচ কৰা লখিমপুৰৰ ৰাইজৰ কাষত সোমবাৰে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা ৷ ৰঙানদীৰ বানত বুৰ যোৱা আমতলাৰ ১২খনকৈ গাৱঁৰ বানাক্ৰান্ত ৰাইজৰ স’তে মতবিনিময় কৰিছিল ৷ ৰাইজৰ দাবী আছিল আমতলাত চেনেল কাটি দি আবদ্ধ পানী উলিয়াই দিয়া ৷
৩১মে’ত ছিঙিছিল আমতলাৰ মথাউৰি ৷
মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৈতে আলোচনা কৰি আমতলাত চেনেল কাটি আবদ্ধ পানী উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি যোৱা নিশাই জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে আমতলাত চেনেল কাটি বাহিৰ কৰি দিয়া হয় আবদ্ধ পানী ৷






























