RCB:আৰ চি বিৰ বিজয় শোভাযাত্ৰাত বৃহৎ দুৰ্ঘটনা। তথ্য অনুসৰি, চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত বিজয় শোভাযাত্ৰাত পদপিষ্টৰ দৰে পৰিৱেশ সৃষ্টি হয়। য’ত কমেও সাত জন লোক মৃত্যু মুখত পৰাৰ লগতে আন ২৫ জন আহত হয়।তথ্য অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।
বুধবাৰে বিয়লি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল আৰচিবিৰ ট্ৰফী বিজয়ী উদযাপন। পুৱাৰ পৰা ষ্টেডিয়ামৰ বাহিৰত হেজাৰ হেজাৰ লোকৰ সমাগম ।
ইফালে ৰাজপথতো প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছে । আৰক্ষীয়ে লাঠি-চাৰ্জ আৰম্ভ কৰাৰ লগে লগে বিশৃংখলতা বৃদ্ধি পাবলৈ ধৰে।
ভিৰৰ মাজত হঠাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। সমৰ্থকসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে ইজনে সিজনৰ ওপৰেৰে দৌৰিবকৈ আৰম্ভ কৰে। ইয়াৰ ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে।
তথ্য অনুসৰি, এই ঘটনাটোত কমেও সাতজন লোকৰ মৃত্যু হৈছে। ততাতৈয়াকৈ এম্বুলেঞ্চৰ সহায়ত ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে এই সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে। তেওঁ কয়, “পৰিস্থিতি চম্ভালিবলৈ পাঁচ হেজাৰ নিৰাপত্তাৰক্ষী আছিল। কিন্তু আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো। তাৰ বাবে আমি ক্ষমা বিচাৰিছো। বৰ্তমান হতাহতৰ সংখ্যা কোৱা সম্ভৱ নহয়।”
মঙলবাৰে নিশা আই পি এলত জয়লাভ কৰে আৰ চি বিয়ে। বুধবাৰে বেংগালুৰুত উপস্থিত হয় কোহলী আৰু তেওঁৰ দল। ১৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ট্ৰফী লাভ কৰাৰ পাছতে বেংগালুৰুত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।