Odisha: ভুল বেজী দিয়াৰ ফলত পাঁচগৰাকী ৰোগীৰ মৃত্যুৰ অভিযোগ । মঙলবাৰে নিশা ওড়িশাৰ কোৰাটপুৰৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নিহত লোকসকল দক্ষিণ ওড়িশাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। ইয়াৰে তিনিজন আই চি ইউত চিকিৎসাধীন হৈ আছিল। বাকীসকলক জেনেৰেল ৱাৰ্ডত ভৰ্তি কৰা হৈছিল।
মঙলবাৰে নিশা চিকিৎসালয়খনৰ নাৰ্চে তেওঁলোকক বেজী দিছিল। অভিযোগ অনুসৰি ইয়াৰ পাছতে পাঁচজন ৰোগীৰ মৃত্যু হয়।
এই ঘটনাক লৈ চিকিৎসালয় চৌহদত উত্তেজনাই বিৰাজ কৰে। সেই নিশা মৃতকৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।
এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
চিকিৎসালয়ৰ অধীক্ষক সুশান্ত কুমাৰ সাহুৱে সাংবাদিকৰ আগত কয়, ‘ৰোগীসকলৰ উচ্চ ৰক্তচাপ আছিল।তেওঁলোকৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল।নিয়ম অনুসৰি আমি তেওঁলোকক বেজী দিছিলো।কিন্তু বেজীটোৱে অনুমানিক কাম কৰা নাছিল । সেইবাবেই তেওঁলোকৰ মৃত্যু হ’ল।”
তেওঁ লগতে কয়, ‘মৃতকৰ পৰিয়ালে যি অভিযোগ উত্থাপন কৰিছে সেয়া ভিত্তিহীন। অৱশ্যে আমি ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।”