21st Memorial Day Celebrated of Writer- Social Worker Bhabani Sarma :
গুৱাহাটী প্ৰেছ ক্লাব সভাগৃহত মঙলবাৰে গুৱাহাটী আলোচনা চক্ৰ আৰু ভৱানী শৰ্মা স্মাৰক ন্যাসৰ উদ্যোগত সুলেখিকা,সমাজসেৱিকা ভৱানী শৰ্মাৰ একবিংশতিতম স্মৃতি দিৱসটি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে ২০২৫ বৰ্ষৰ নৱম দ্বিবাৰ্ষিক ‘সদৌ অসম ভৱানী শৰ্মা শ্ৰেষ্ঠ গল্প বঁটা ‘ প্ৰদান কৰা হয়। এই বঁটা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে নগাঁৱৰ প্ৰতিভা ভাগৱতীয়ে ‘মাটিৰ সৰগ’ গ্ৰন্থ আৰু দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে বৰপেটাৰ মল্লিকা হাজৰিকা আৰু গুৱাহাটীৰ মণিদীপা বৰকটকীয়ে তেওঁলোকৰ ক্ৰমে ‘হালধীয়া ‘ আৰু ‘ডেইজী ‘গ্ৰন্হৰ বাবে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি ভৱানী শৰ্মাৰ জীয়ৰী, অসম ৰাজ্যিক সঙ্গীত মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃপ্ৰীতিমা শৰ্মা ৰচিত ‘ কনচাৰ্ন এণ্ড কমপেচন :নভেলচ্ অব ইন্দিৰা গোস্বামী ‘নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ।