Scam:
অসমৰ অনুসূচিত জাতিৰ নামত আৱণ্টিত পুঁজিৰ ব্যাপক অনিয়মৰ অভিযোগক লৈ সৰৱ হয় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম। এই অনিয়মৰ সমান্তৰালকৈ সংগঠনটোৰ নেতৃবৃন্দই অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়তো দুর্নীতিৰ পয়োভৰ হোৱা বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে পুঁজিৰ অপব্যৱহাৰ আৰু সঞ্চালকালয়ত চলি থকা অনিয়মৰ অভিযোগক লৈ সংগঠনটোৰ নেতৃবৃন্দই দিল্লীত বাহৰ পাতি দেশৰ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ আৰু সামাজিক ন্যায়-সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্যালয়ত পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।
এই বিষয়বোৰক লৈয়েই নতুন দিল্লীৰ অসম মিডিয়া চেণ্টাৰত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি সঞ্জীব দাসে কয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত অনুসূচিত জাতিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে। এই অভিযোগেৰে দাসে কয়, ‘সঞ্চালিকা কুলশ্রী নাথৰ দুই সহযোগী ষ্টেন’গ্ৰাফাৰ সুবর্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্রই কার্যালয়টোত ৰূপায়ণ হোৱা আঁচনিৰ ধন ঠিকাদাৰৰ স’তে লগ লাগি লুণ্ঠন কৰি আহিছে।
উদাহৰণ স্বৰূপে ২০২২-২৩ আৰু ২০২৩-২৪ত অনুসূচিত জাতিৰ লোকৰ মাজত টিভি আৰু পাকঘৰৰ সামগ্রী বিতৰণৰ নামত ১৪০ কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হৈছিল। ইয়াৰ ঠিকা লাভ কৰিছিল নূপুৰ সাহা নামৰ এজন ঠিকাদাৰে; কিন্তু এই চক্ৰটোৱে মিলি সামগ্রী বিতৰণৰ নামত সোঁৱে-বাঁৱে কেৱল নামমাত্র সংখ্যক লোকৰ মাজত তেনে সামগ্রী বিতৰণ কৰা হয়। তদুপৰি সামগ্ৰীবোৰৰ মান অতি নিম্ন পৰ্যায়ৰ।
অথচ বজাৰত ছয়শ টকাত পোৱা প্ৰেছাৰ কুকাৰ এটাৰ বিপৰীতে উলিয়াই নিয়ে ২,৭০০ টকা। এয়া মাত্র এটা উদাহৰণহে। এনেদৰে লুণ্ঠন চলাই সঞ্চালকালয়ৰ কাৰ্যালয়ৰ নিৰ্দিষ্ট কৰ্মচাৰীকেইজন অতি কম দিনৰ ভিতৰতে অভাৱনীয় পৰিমাণৰ সম্পত্তিৰ গৰাকী হৈছে। প্রাক্ প্ৰৱেশিকা বৃত্তিৰ নামতো সঞ্চালকালয়ত কমেও সাত কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে। বৈদ্যুতিক তাঁতশাল বিতৰণৰ নামতো সংঘটিত বিয়াগোম দুর্নীতিৰ তদন্ত আমি স্মাৰকপত্ৰৰ জৰিয়তে দাবী কৰিছো।’
সভাপতি দাসে কয় যে অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়াৰ নামতো দুষ্টচক্রই কোটি কোটি টকা ভুৱা তথ্যৰে সৰকাই নিয়ে। এই কেলেংকাৰিৰ চিবিআইৰ তদন্ত স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে বুলি তেওঁ জনায়। ইয়াৰ উপৰি অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰৰে একাংশ লোকে সংৰক্ষণৰ সুবিধা আদায় কৰা, চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা, ভূমিহীন অনুসূচিত জাতিৰ পৰিয়ালক ভূমি পট্টা প্রদান কৰা আৰু সংবিধানৰ নিয়ম অনুসৰি অনুসূচিত জাতিৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ৬.৫ শতাংশ বাজেট সংৰক্ষণ নিশ্চিত কৰাৰ দাবীও তেওঁলোকে উত্থাপন কৰে।
ভূমি সংৰক্ষণৰ সন্দৰ্ভতো সংগঠনটোৱে অসম চৰকাৰৰ মিছন ভূমিপুত্র এপটো শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়। এই সন্দর্ভত সংবাদমেলত সভাপতিজনে কয় যে এই এপটোৰ ব্যাপক অপব্যৱহাৰ হৈছে। এনে অপব্যৱহাৰত প্ৰকৃত অনুসূচিত জাতিৰ লোকসকল ভূমিৰ অধিকাৰ লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে। সংগ্রামী যুৱ পৰিষদৰ লগতে সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সম্মিলনীৰ এটা সঁজাতী দলেও অংশগ্রহণ কৰে।