Chhattisgarh:চত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ গ’ল মাওবাদী নেতা নৰ সিংহচলম ওৰফে সুধাকৰ। বৃহস্পতিবাৰে চত্তীশগড়ৰ বিজাপুৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তাৰক্ষীয়ে অভিযান চলায়। সেই অভিযানতে নিহত হয় মাওবাদীৰ অন্যতম শীৰ্ষ নেতা সুধাকৰ।
তেওঁ মাওবাদী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। সুধাকৰৰ মূৰৰ দাম আছিল ৪০ লাখ টকা। তেলেংগানা, চত্তীশগড় আৰু মহাৰাষ্ট্ৰত সক্ৰিয় আছিল সুধাকৰ। দীৰ্ঘদিন ধৰি নিৰাপত্তাৰক্ষীয়ে তেওঁক বিচাৰি আছিল।
এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি বৃহস্পতিবাৰে পুৱা জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু বিশেষ টাস্ক ফ’ৰ্চে বিজাপুৰৰ জংঘলত অভিযান আৰম্ভ কৰে।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জংঘল যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ইউনিট ‘কোব্ৰা’ও এই অভিযানত জড়িত হৈ আছে।
জংঘলত চলোৱা অভিযানৰ সময়ত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ স’তে গুলীচালনা আৰম্ভ কৰে। মৃত মাওবাদী নেতাৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।






























