Dr. Tonmoy Sharma OF Guwahati  has been arrested in the US:১,৩০০ কোটিৰ বৃহৎ জালিয়াতিত যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ গুৱাহাটীৰ ডাঃ তন্ময় শৰ্মা

আমেৰিকা নিবাসী তন্ময় শৰ্মা বামুণীমৈদামৰ অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰ প্ৰয়াত ফণী শৰ্মাৰ বৰপুত্ৰ

TONMOY

Dr. Tonmoy Sharma OF Guwahati  has been arrested in the US:

মাৰ্কিন যুক্তৰাষ্ট্ৰত কে’বাহেজাৰ কোটি টকাৰ বৃহৎ কেলেংকাৰীত গ্ৰেপ্তাৰ গুৱাহাটীৰ বামুণীমৈদামৰ তন্ময় শৰ্মা ৷ যুক্তৰাষ্ট্ৰ নিবাসী তন্ময় শৰ্মা বামুণীমৈদামৰ অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰ প্ৰয়াত ফণী শৰ্মাৰ বৰপুত্ৰ ৷

মাৰ্কিন আৰক্ষীৰ অভিযোগ মতে ২০১৪ ৰ ২০২০ বৰ্ষৰ ভিতৰত চিকিৎসাৰ নামত ১৪৯ [১,৩০০ কোটি] মিলিয়ল ডলাৰৰ ভুৱা ইঞ্চুৰেঞ্চ দাখিল কৰিছিল শৰ্মাই। এই সংক্ৰান্তত সংশ্লিষ্ট কতৃপক্ষৰ দিয়া অভিযোগৰ ভিত্তিত মাৰ্কিন আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে ২৯ মে’ত কেলফৰ্ণীয়া প্ৰদেশৰ লছ এঞ্জেলছৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৬১ বছৰীয়া তন্ময় শৰ্মাক ৷

উল্লেখ্য যে যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি, ২০ বছৰ কাৰাদণ্ড হ’ব পাৰে শৰ্মাৰ ৷ আটকাধীন শৰ্মা আমেৰিকাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান Sovereign Health Group ৰ মুখ্য সঞ্চালক আছিল ৷

Exit mobile version