Garuv gogoi:শিলচৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ত বৃক্ষ ৰোপণ গৌৰৱ গগৈৰ

gaurav gogoi in silchar

Garuv gogoi:

আজি বিশ্ব পৰিবেশ দিৱস । বৰ্তমান বানৰ কবলত থকা বৰাক উপত্যকা ভ্ৰমণৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত ৰোপন কৰিলে এটা গছপুলি |

পুৱা এআইচিচিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে সহ বিধায়ক জাকিৰ হুছেইন শিকদাৰক লগত লৈ বৃক্ষ ৰোপণ কৰিলে গৌৰৱ গগৈয়ে। বৃক্ষ ৰোপন কৰি পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হল গৌৰৱ গগৈ ৷ তেওঁ কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল বৰাকক ছিণ্ডিকেটৰ বাবে ব্যৱহাৰ কৰি আছে। বৰাকৰ একো উন্নয়ন নকৰি কেৱল কেওজন মন্ত্ৰীক লগত লৈ বৰাকৰ পৰা টকা কালেকচন কৰি আছে মুখ্যমন্ত্ৰীয়ে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।

লগতে তেওঁ কয় সৰ্বানন্দ সোনৱালৰ আমোলত বৰাকত যি কাম আৰম্ভ হৈছিল সেই কাম সমূহ এতিয়া হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি ৰাখিছে । সৰ্বানন্দ আৰু হিমন্তৰ মাজত ৰাজনৈতিক প্ৰতিযোগিতা হোৱাৰ বাবেই বৰাকক বঞ্চিত কৰিছে।

Exit mobile version