Youtuber Arrested :
পৰিৱেশ দিৱসৰ দিনটোতে পাৰিপাশ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ভয়ংকৰ কাণ্ড কৰি অহা ইউটিউবাৰ সোমাল লক আপত ৷ বনৰীয়া চৰাইৰ নৃশংস হত্যালীলা চলাই ইউটিউব চেনেলত আপলোড কৰি ভিউজ বঢ়োৱাৰ নিৰ্দয় প্ৰয়াস ইউটিউবাৰৰ ৷ পক্ষী নিধনৰ ভয়াৱহ দৃশ্য বন্দী কৰিছিল ম’বাইল ৷ পিছত এই ভিডিঅ আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত ৷
শৰালি হাঁহ, পানী কাউৰী, কনামুচৰী, ডৰিক আদি চৰাইৰ বিচৰণভূমি ধেমাজিৰ চিমেন চাপৰিৰ হস্তিনাপুৰ আৰু কৰদৈগুৰি গাঁৱৰ পিতনি অঞ্চলত কেটেপাৰ সহায়ত চৰাইৰ হত্যা কৰি সেই দৃশ্যসমূহ ইউটিউবত আপলোড কৰিছিল তিনি যুৱকে ৷ বিভিন্ন চৰাইৰ শ শ কণী তেওঁলোকে চৰাইৰ বাসভূমিৰ পৰা লৈ আহি বন্য উল্লাসত মত্ত হোৱাৰ নৃশংস দৃশ্যসমূহ ইউটিউবত আপলোড কৰাৰ পিছত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তিনিজন ইউটিউবাৰক ইতিমধ্যে আটক কৰিছে চিমেন চাপৰি আৰক্ষীয়ে ৷
‘JAKRUB’ নামৰ ইউটিউব চেনেলত আপলোড কৰিছিল বনৰীয়া চৰাই আৰু কণী ধ্বংসৰ এই নৃশংস দৃশ্যসমূহ ৷ বৃহৎ সংখ্যক চাবক্ৰাইবাৰ আৰু ভিউৱাছ থকা এই JAKRUB নামৰ ইউটিউব নামৰ চেনেলটোত ৩৩ টা ভিডিঅ’ আপলোড কৰিছিল যদিও আটক হোৱাৰ পিছত চেনেলটোৰ পৰা সেই সমূহ ভিডিঅ’ ডিলিট কৰি দিয়া হ’ল যদিও বনবিভাগে সেই ভিডিঅ’ সমূহ সংৰক্ষণ কৰিছিল আৰু তিনি যুৱকক আটক কৰে ৷ আটকাধীন তিনিজন হ’ল হস্তিনাপুৰৰ মুনিন্দ্ৰ মুছাহাৰী , লামকা গাঁৱৰ মহেশ্বৰ স্বৰ্গিৱাৰী আৰু শিৱৰাম স্বৰ্গীয়াৰী ৷
আনহাতে তিনি ইউটিউবাৰক আটক কৰা সন্দৰ্ভত ধেমাজি জিলা বন সংমণ্ডল বিষয়া কৃষ্ণকান্ত দেউৰীয়ে কয়,নিমাখিত বন্যপক্ষী অতি নিৰ্দয়ভাৱে নিধন কৰা কাৰ্য অতিশয় গুৰুতৰ অপৰাধ ৷ আটকাধীন যুৱক কেইজনৰ বিৰুদ্ধে ইতিমধ্যে ৰজু কৰা হৈছে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত কঠোৰ ধাৰা ৷ এনে কাৰ্যৰ পৰা আঁতৰি থকা উচিত ৷