Bjp Mla Bijoy Malakar:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহনত উঠিব বিচাৰিও বিমুখ বিধায়ক বিজয় মালাকাৰ

নিৰাপত্তাজনিত কাৰণত নিৰাপত্তাৰক্ষীয়ে বিজেপি বিধায়কজনক হাতত ধৰি বাহনৰ পৰা নমাই দিলে

cm foto

Bjp Mla Bijoy Malakar:

শুক্ৰবাৰে বৰাক উপত্যকা ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উঠি যোৱা বাহনত অথন্তৰ ৷ হাইলাকান্দিৰ এটা আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লৈ মুখ্যমন্ত্ৰী সহিতে ৰাতাবাৰী বিধায়ক বিজয় মালাকাৰ মুখ্যমন্ত্ৰীৰ গাড়ীৰ ওচৰলৈ আহে।

মুখ্যমন্ত্ৰীয়ে বাহনৰ সন্মুখৰ আসনত বহাৰ বিপৰীতে বিধায়ক মালাকাৰে পিছফালৰ আসনত বহিবলৈ আগবাঢ়ি গ’ল ৷ আনকি বাহন খনত উঠিছিলেই ৷ কিন্ত নিৰাপত্তাজনিত কাৰণত বিজেপি বিধায়কজনক নিৰাপত্তাৰক্ষীয়ে হাতত ধৰি বাহিৰলৈ নমাই দিলে বাহনৰ পৰা । ইতিমধ্যে এই ঘটনাই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

Exit mobile version