Chandrapur Incident:চন্দ্ৰপুৰত নিশা শোকাৱহ ঘটনা

কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দুই যুৱকক,এজনক উদ্ধাৰ কৰাৰ বিপৰীতে আনজনৰ সলিল সমাধি

chandrapur

Chandrapur Incident:

মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰত নিশা শোকাৱহ ঘটনা ৷ কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দুই যুৱকক ৷ অৱশ্যে এজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে আনজনৰ সলিল সমাধি

মৃত যুৱকজন কাজলীচকীৰ উমেশ শইকীয়া ওৰফে অৰুণ বুলি চিনাক্ত কৰা হয় ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় চন্দ্ৰপুৰৰ ধিপুজি জানপামৰ ঘোঁৰামাৰা জানত ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা পানীৰ মাজেৰে কৃষিপামৰ পৰা গৃহাভিমুখী হোৱাৰ পথত ঘোঁৰামাৰা জানটো পাৰ হ’বলৈ লওঁতেই সংঘটিত হয় শোকাৱহ ঘটনাটি ৷

আনহাতে নিখোজ যুৱকজনৰ সন্ধানত পুৱাৰে পৰা এছডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ঘটনাস্থলীত উপস্থিত হয় প্ৰাগজ্যোতিষপুৰ আৰক্ষী । সৰবৰহী যুৱকজনৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰে চন্দ্ৰপুৰ অঞ্চলত ৷

Exit mobile version