Chenab Train Bridge Inauguration:
পহলগামত নিৰীহ পৰ্যটকৰ হত্যাকাণ্ডৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোদীয়ে চেনাব নদীৰ ওপৰত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন দেশক দিলে উপহাৰ ৷ এই দলঙৰ জৰিয়তে জম্মু আৰু শ্ৰীনগৰক ৰে’ল সংযোগৰ যোগেদি সংযোগ কৰা হৈছে। বহু বছৰৰ আগতে ৰে’ল নেটৱৰ্কৰ জৰিয়তে উপত্যকাটোক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাৰ সপোন দেখা গৈছিল। এতিয়া সেয়া সঁচা হৈছে। ইয়াৰ দ্বাৰা কেৱল কাশ্মীৰ উপত্যকাত পৰ্যটনৰ প্ৰসাৰ হোৱাই নহয়, ব্যৱসায়তো নতুন ডেউকা পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ইউএছবিআৰএল প্ৰকল্পৰ অধীনত অত্যাধুনিক প্ৰযুক্তিৰে ১,৩১৫ মিটাৰ দৈৰ্ঘ্যৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৰে’ল দলং খন ৷ ভাৰতীয় ৰে’ল মন্ত্ৰণালয়ে নিৰ্মাণ কৰিছে দলং খন ৷ দলং খন নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ৪৬ হাজাৰ কোটি টকা ৷ এই দলং খনৰ জৰিয়তে সংযোগ কৰিব কাশ্মীৰ উপত্যকাৰে দেশৰ অন্য প্ৰান্তৰে ৷ উল্লেখ্য যে ,ভাৰত চৰকাৰে ২০০২ চনত ইউএছবিআৰএল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰিছিল।
আনহাতে প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কাটৰা- শ্ৰীনগৰ সংযোগী বন্দে ভাৰতৰ ৰে’লৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ৪৬,০০০ ব্যয় সাপেক্ষে কে’বাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰিব ৷
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰক ৰে’ল লাইনৰ জৰিয়তে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাটো এটা যুগ যুগ ধৰি চলি অহা সপোন আছিল, যিটো এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃঢ় ইচ্ছা আৰু অক্লান্ত প্ৰচেষ্টাৰে বাস্তৱায়িত হৈছে। চেনাৱ ৰেল দলং উদ্বোধন হ’ব দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ইয়াৰ লগতে দুখন বন্দে ভাৰত ৰে’লৰো উদ্বোধন কৰা হয়, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হ’ব।
অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰৰ ভৌগোলিক প্ৰত্যাহ্বানৰ মাজতো এই প্ৰকল্প সম্পূৰ্ণ কৰাটো এক অভূতপূৰ্ব সাফল্য। জম্মু ষ্টেচনত চলি থকা কামৰ বাবে বন্দে ভাৰতৰ ৰে’ল বর্তমান কাত্রাৰ পৰা শ্ৰীনগৰলৈ চলিব যদিও চলিতবৰ্ষৰ ছেপ্টেম্বৰৰ পৰা এই ৰে’লসমূহ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা সমগ্ৰ পথত চলিব। এই ৰেল প্ৰকল্পত দুটা অভিযান্ত্ৰিক আশ্চৰ্য্য (চেনাব দলং আৰু অঞ্জি দলং) অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ অত্যাধুনিক প্ৰযুক্তি আৰু ডিজাইনৰ প্ৰতীক।
