Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

ভুৱা নথিৰে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আনৰ নামত সৰকালে এক কোটি ১০ লাখ টকা

morigaon

Cyber ​​criminals’ land and property seized in Morigaon:

আদালতৰ নিৰ্দেশত মৰিগাঁৱত এক চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ কৰিলে আৰক্ষীয়ে। এক ঐতিহাসিক ৰায়দান কৰি মৰিগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ছৰিফুল ইছলাম নামৰ কুখ্যাত চাইবাৰ অপৰাধীজনৰ মৰিগাঁও নগৰৰ মাজমজিয়াস্থিত একঠা পাঁচ লেচা মাটি বাজেয়াপ্ত কৰিবলৈ নির্দেশ দিয়ে। সেই মর্মে আজি দুপৰীয়া জিলা আযুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ উপস্থিতিত আৰক্ষী-প্ৰশাসনে ছৰিফুলৰ এই মাটি বাজেয়াপ্ত কৰি তাত ৰঙা নিচান পুতি দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৰালগুৰি গাঁৱৰ নিৱাসী ছৰিফুল ইছলামে এবছৰ পূর্বে নতুন দিল্লীৰ আশীষ গুপ্তা, ৰোহিত শৰ্মা, উত্তৰ-পশ্চিম দিল্লীৰ বিশাল গুপ্তা, উত্তৰ দিল্লীৰ অজয় গুপ্তা, মুম্বাইৰ ৰোহিত শর্মাকে ধৰি বহুকেইজন লোকৰ মাজত ভুৱা পেনকার্ড, আধাৰ কাৰ্ড, ক্রেডিট কার্ড ব্যৱহাৰ কৰি আদিত্য বিৰলা ফিনান্স কোম্পানীৰ পৰা এক কোটি ১০ লাখ টকা সৰকাই নিয়ে।

এই সমস্ত ধন এইছডিএফচি বেংকৰ মৰিগাঁও শাখাত থকা ছৰিফুলৰ পত্নী পাৰবীন চুলতানাৰ একাউণ্টত জমা হয়। পাছত বিত্তীয় প্রতিষ্ঠানটোৱে মৰিগাঁও আৰক্ষীক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষী থানাত ১৭৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু হয়। গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে ছৰিফুলক গ্ৰেপ্তাৰ কৰে। আদালতে অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আৰক্ষীয়ে তদন্তৰ তথ্যসমৃদ্ধ প্রতিবেদন আৰু পূর্ণাংগ অভিযোগনামা আদালতত দাখিল কৰে।

তদুপৰি আৰক্ষীয়ে ছৰিফুলে মৰিগাঁও নগৰত ক্ৰয় কৰা ২০৮৮ নম্বৰৰ ম্যাদী পট্টাৰ ৪০৬৭ নম্বৰ দাগৰ একঠা পাঁচ লেচা মাটি বাজেয়াপ্ত কৰিবলৈ আদালতক আবেদন জনায়। এই গোচৰৰ ৰায়দান কৰি আজি প্রথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ মধুমিতা নৰহৰ আদালতে চাইবাৰ অপৰাধৰ ধনৰে ক্ৰয় কৰা মাটি তৎকালে বাজেয়াপ্ত কৰিবলৈ জিলা আয়ুক্তলৈ নির্দেশ জাৰি কৰে। সেই মর্মে প্রশাসন আৰু আৰক্ষীয়ে তেওঁৰ মাটি বাজেয়াপ্ত কৰে।

অভিযোগ অনুসৰি ২০২১ৰ পৰা চাইবাৰ অপৰাধত জড়িত ছৰিফুলৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত পূৰ্বৰে পৰা ৪১৫/২০২২ আৰু ২৬/২০২৪ নম্বৰত দুট গোচৰ ৰুজু হৈ আছে। আনহাতে, মৰিগাঁও জিলা চাইবাৰ অপৰাধীৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বর্তমানলৈ জিলাখনত ২৬৫ জন চাইবাৰ অপৰাধত অভিযুক্ত লোক জালত পৰিছে।

Exit mobile version