Kamakhya Lanslide:
অপৰিকল্পিতভাৱে মহানগৰ গঢ়ি তোলা, গছ-গছনি ধ্বংস কৰা তথা চৰকাৰ-ৰাইজ সকলোৰে অৱহেলাত বাৰিষা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মৰণফান্দত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি চর্চা হৈছে। যোৱা সপ্তাহত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্ট অভূতপূর্ব বান পৰিস্থিতিয়ে ইয়াৰ ইংগিত দিয়ে। এই অৱস্থাৰ পৰা মহানগৰীৰ বহু অঞ্চল আজিও মুক্ত হোৱা নাই। এনে অৱস্থাতে বৃহস্পতিবাৰে শক্তিপীঠ কামাখ্যা ধামৰ মূল দ্বাৰৰ ওচৰত পাণ্ডু-কামাখ্যা সংযোগী পথত এক ভয়াবহ ভূমিস্খলন ঘটি এখন প্রকাণ্ড ধাৰক দেৱাল আৰু অসংখ্য গছ-গছনি উভালি পৰে।
দেৱালখন এখন ট্রেভেলাৰ গাড়ী আৰু এখন এক্সকেভেটৰৰ ওপৰত খহি পৰে। ফলত ট্রেভেলাৰখনৰ বিস্তৰ ক্ষতি হয়। এই খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনাস্থলী ঘেৰি ধৰে। আগন্তুক অম্বুবাচী মেলালৈ মাজত কিছুদিন বাকী থকা অৱস্থাত কামাখ্যা ধামত সংঘটিত এই ঘটনাই মেলাৰ প্ৰস্তুতিত আউল লগোৱাৰ আশংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে মালিগাঁৱৰ পৰা পাণ্ডু-কামাখ্যা সংযোগী পথটোৰ নিৰ্মাণ তথা মুকলিৰ পাছৰে পৰা পথটোত সঘনে দুর্ঘটনা আদি সংঘটিত হৈ আছে।
ইয়াৰ পূৰ্বে পুৱতি নিশা পাণ্ডু মহাবিদ্যালয়ৰ ওচৰৰ সাত নম্বৰ ৱাৰ্ডৰ নিৱাসী ৰাগিণী দেৱীৰ ঘৰত এখন সুৰক্ষা দেৱাল খহি পৰাত তেওঁ আহত হয়। পুৱতি নিশা দুই বজাত সংঘটিত এই ভয়ংকৰ ঘটনা সম্পৰ্কত ভুক্তভোগী গৰাকীয়ে কয়, ‘তেতিয়া শুই আছিলো। হঠাৎ এটা বৃহৎ শব্দত সাৰ পালো। বিছনাৰ পৰা উঠি আহি দেখিলো ভূমিকম্প হৈছে। লগে লগে সুৰক্ষিত স্থানলৈ গ’লো যদিও দেৱালখন খহি পৰাত আঘাত পালো।’ দেৱালখন খহি পৰাত তিনিটা ঘৰো ভাঙি পৰে।
আনহতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি আঠ জুনলৈকে বৰষুণ অব্যাহত থাকিব। গতিকে ভূস্খলন প্ৰৱণ পাহাৰীয়া অঞ্চলসমূহ বিপজ্জনক হৈ পৰিছে। ইতিমধ্যে চৰকাৰীভাৱে কেতবোৰ অঞ্চলক ভূস্খলন প্ৰৱণৰূপে চিহ্নিত কৰা হৈছে। এই স্পৰ্শকাতৰ অঞ্চলসমূহৰ মাজত শীর্ষত আছে চূণচালি পাহাৰ। এই পাহাৰত ৭৭ টা স্থান স্পৰ্শকাতৰৰূপে চিহ্নিত কৰা হৈছে। তাৰ পাছতে নুনমাটিত ৪০ টা, খানাপাৰাত ৩৩ টা, নাৰেংগীত ৩১ টা আৰু হেঙেৰাবাৰীত ৩০ টা স্থান স্পৰ্শকাতৰৰূপে চিহ্নিত হৈছে।
বিপজ্জনক স্থানৰ তালিকাত কাহিলীপাৰাৰ ২৫ টা, শান্তিপুৰৰ ২০ টা আৰু নৰকাসুৰ পাহাৰৰ কে’বাটাও স্থান আছে। তদুপৰি গড়ভাংগাত নটা, মালিগাঁৱত আঠটা, কালাপাহাৰত সাতটা আৰু গোটানগৰ আৰু নৱগ্ৰহত ছটাকৈ স্পৰ্শকাতৰ স্থান আছে। একেদৰে ফটাশিল, কামাখ্যা-নীলাচল আৰু কইনাধৰাতো পাঁচটাকৈ স্পৰ্শকাতৰ স্থান আছে।
তদুপৰি জালুকবাৰী-লংকেশ্বৰত দুটা আৰু শুক্লেশ্বৰত এটা স্পৰ্শকাতৰ স্থান আছে। অপৰিকল্পিত নিৰ্মাণ কাৰ্য তথা পৰিৱেশ তথা প্রকৃতি ধ্বংসৰ ফলত মহানগৰীৰ বিভিন্ন স্থান বাৰিষা বিপজ্জনক হোৱা বুলি চর্চিত হৈছে।
