Khairul Islam:
কিছুদিনৰ পুৰ্বে মৰিগাঁও মিকিৰভেটাৰ খান্দাপুখুৰীৰ শিক্ষক তথা বাংলাদেশৰ নাগৰিক বুলি অভিহিত কৰা খাইৰুল ইছলাম অৱশেষত স্বগৃহলৈ ঘুৰি আহিবলৈ সক্ষম হল ৷ যোৱা নিশা শিক্ষক খাইৰুল ইছলাম নিজগৃহত উপস্থিত হোৱাৰ লগে লগে আত্মীয় সকলৰ মাজত আনন্দৰ অশ্ৰু বৈ অহা এক পৰিৱেশ সৃষ্টি হয় ৷
চলিত চৰকাৰৰ এক বাংলাদেশী বিতাড়নৰ সিদ্ধান্তত বহু কেইজন অসমৰ ব্যক্তি তালিকাভুক্ত হোৱাৰ মাজতে উক্ত তালিকাত নাম সোমাই পৰিছিল খাইৰুল ইছলামৰ ৷ ইফালে বাংলাদেশলৈ বিতাড়নৰ প্ৰায় ১৫ টা দিনৰ পিছত ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে পুনৰ ঘুৰাই অনা হল খাইৰুল ইছলামক ৷
উল্লেখ্য যে স্বগৃহলৈ উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি নিজ অভিজ্ঞতা আৰু মন্তব্য প্ৰকাশ কৰে শিক্ষক খাইৰুল ইছলামে ৷ তেওঁৰ কে’বা পুৰুষ ভাৰতীয় ৷ সেই সূত্ৰে তেওঁ ভাৰতীয় কিন্ত চৰকাৰে স্বদেশীক বিদেশী সজাই বাংলাদেশলৈ নিক্ষেপ কৰিছে ৷ এইয়া আমাৰ মৌলিক আৰু মানৱ অধিকাৰ খৰ্ব কৰা হৈছে ৷ আগন্তুক দিনত চৰকাৰে এনে হঠকাৰী পদক্ষেপৰ আতঁৰি থাকিলে সকলোৰে মংগল হ’ব |
