Religious minorities protest:
পবিত্র ঈদ উজ জোহাৰ দিনাই ৰাজ্যৰ কেতবোৰ অঞ্চলত তীব্ৰ প্ৰতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ ৷ ঈদগ্ৰাহত ঈদৰ নামাজ আদায়ৰ পিছতে ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰিলে উত্তাল প্রতিবাদ
# আনহাতে নগাঁৱৰ জুৰীয়াটো ঈদৰ নামাজ আদায় কৰিয়েই আৰম্ভ হ’ল উত্তাল প্ৰতিবাদ
অসম চৰকাৰে প্ৰকৃত ভাৰতীয়ক বাংলাদেশী সজাই হাৰাশাস্তি কৰি অহাৰ অভিযোগ কৰি শনিবাৰে ঈদৰ দিনাই প্ৰতিবাদ সাব্যস্ত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷ জুৰিয়া সমূহীয়া ঈদগ্ৰাহত নামাজ আদায়ৰ পিচতে বহু সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকে ক’লা বেজ পৰিধান কৰি চৰকাৰৰ অমানৱীয় কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷
প্ৰতিবাদত অংশ লৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ চিদ্দকীয়ে কয়,শিৱসাগৰ, ডিব্ৰুগড় কাৰো পৈত্তিক সম্পত্তি নহয় ৷’এই অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ অসম ৷ মুছলমানক অধিকাৰ শৃংখল চলিহাই দিয়া বুলি তিৰ্যক মন্তব্য কৰি তেওঁ আৰু কয় ‘ভাৰতৰ সংবিধানে মুছলমানৰ সুৰক্ষা আৰু অধিকাৰ দিছে ৷ অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ সৈতে অন্যায় কৰাটো সহ্য কৰা নহ’ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷
