Heatwave Alert:উৎকট গৰমে দহিছে সমগ্ৰ উত্তৰ ভাৰত। ইতিমধ্যে দেশৰ ছখন ৰাজ্যৰ ১৮খন চহৰত ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। পৰিস্থিতি এনে পৰ্যায়, যে তাপ প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
কোনো কোনো ঠাইত ৪৫ ডিগ্ৰী, কোনো কোনো ঠাইত ৪৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে।ৰাজস্থানৰ শ্ৰীগংগনগৰৰ তাপমাত্ৰা ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে।
তাপপ্ৰবাহ সতৰ্কবাণী জাৰি কৰা ছয়খন ৰাজ্য হ’ল ৰাজস্থান, মধ্যপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু ওড়িশা।
মঙলবাৰে দিল্লী-এনচিআৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ জিলাৰ বাবে তাপ প্ৰবাহ সতৰ্কবাণী জাৰি কৰা হৈছে। মঙলবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে।
আগন্তুক দুদিনলৈ এই ৰাজ্যসমূহত তাপ প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰৰ একাংশ অঞ্চলতো তাপ প্ৰবাহ সতৰ্কবাণী জাৰি কৰা হৈছে।
ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানত তাপ প্ৰবাহ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।
পশ্চিম জিলা জয়ছলমেৰ, বৰমেৰ, যোধপুৰ, পালি, জালৌৰ আৰু ছিৰোহী জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। উত্তৰ প্ৰদেশৰ ১৯খন জিলাৰ বাবে তাপ প্ৰবাহ আৰু নিম্নস্তৰৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সোমবাৰে আগ্ৰা আৰু ঝান্সীত সৰ্বোচ্চ তাপমাত্ৰা ৪৫.৯ ডিগ্ৰী চেলছিয়াছ।হাৰিয়ানাতো তাপ প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
আনহাতে, কেৰেলা, কৰ্ণাটক, পুডুচেৰী, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, ছিকিম, পশ্চিম বংগ, মধ্যপ্ৰদেশ, ওড়িশা, চত্তীশগড় আৰু ঝাৰখণ্ডত বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে।