Corona :দেশত ক্ৰমাৎ বৃদ্ধি পাইছে Covid আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত বৰ্তমান Covid আক্ৰান্তৰ সংখ্যা ৬,৪৯১ জন। বিগত ২৪ ঘন্টাত ৩৫৮জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
ইয়াৰে সৰ্বাধিক সক্ৰিয় ক’ভিড (Covid)আক্ৰান্তৰ সংখ্যা কেৰালা আৰু গুজৰাটত।অৱশ্যে ভাল খবৰটো হ’ল যে যোৱা ২৪ ঘন্টাত দেশত ক’ভিডত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই।
কেৰালা আৰু গুজৰাট: উদ্বিগ্নৰ কাৰণ
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালা হৈ পৰিছে ক’ভিড (Covid) সংক্ৰমণৰ কেন্দ্ৰবিন্দু। য’ত সক্ৰিয় ক’ভিড (Covid) আক্ৰান্তৰ সংখ্যা ১,৯৫৭ জন। যিটো দেশৰ প্ৰায় এক তৃতীয়াংশ।
আনহাতে, গুজৰাটত যোৱা ২৪ ঘণ্টাত ১৫৮ জন নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যাই দেশৰ বাকী অংশৰ দৈনিক সংখ্যা অতিক্ৰম কৰিছে। এই দুখন ৰাজ্যৰ পৰিস্থিতিয়ে কেন্দ্ৰীয় চৰকাৰক উদ্বিগ্ন কৰি তুলিছে।
অৱশ্যে পৰিস্থিতি পুনৰীক্ষণ কৰি কেন্দ্ৰই বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালকৈ সাধাৰণ জনতাক ক’ভিড (Covid)নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।
আন ৰাজ্যত সংক্ৰমণ
মহাৰাষ্ট্ৰত ৬০৭ জন, দিল্লীত ৭২৮ জন, কৰ্ণাটকত ৪২৩ জন আৰু পশ্চিম বংগত ৭৪৭ জন সক্ৰিয় Covid ৰোগী আছে। স্বাস্থ্য মন্ত্ৰালয়েও এই ৰাজ্যসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে এক্সএফজি ভেৰিয়েণ্টকে ধৰি কেবাটাও নতুন ভেৰিয়েণ্টৰ বাবে সংক্ৰমণ বৃদ্ধি পাইছে। ইতিমধ্যে মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা আৰু গুজৰাটত এক্সএফজি ভেৰিয়েণ্টৰ ১৬৩টা ৰোগী ধৰা পৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ ক’ভিড পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৰাজ্যসমূহক প্ৰয়োজনীয় সাৱধানতা আৰু প্ৰস্তুতি ল’বলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাহিৰেও বিশেষজ্ঞসকলে কয় যে আতংকিত হোৱাৰ কোনো কাৰণ নাই। যদিও মাস্ক পৰিধান আৰু জনসমগমৰ পৰা আঁতৰি থকা আদি প্ৰতিৰোধমূলক ব্যৱস্থা মানি চলাটো গুৰুত্বপূৰ্ণ।