Earthquake :ভাৰত-ম্যানমাৰ সীমান্তত ৩৬ ঘন্টাত ছয়টাকৈ ভূমিকম্পৰ জোঁকাৰি যায়। যদিও কম্পনৰ মাত্ৰা বেছি নাছিল, তথাপিও বাৰে বাৰে হোৱা ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক আতংক বিয়পি পৰিছে।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ পৰিমাণ আছিল ৩.৮ৰ পৰা ৪.৫। মঙলবাৰে পুৱা ১১:২১ বজাত অন্তিমটো ভূমিকম্পই জোঁকাৰি যায়।ভাৰতৰ মণিপুৰত কম্পন অনুভৱ কৰা হয়।
ভূতত্ত্ববিদসকলৰ মতে ভাৰত-ম্যানমাৰ সীমান্ত ভূমিকম্প প্ৰৱণ অঞ্চল। এই অঞ্চলটো এটা জটিল টেকটনিক অঞ্চলত অৱস্থিত য’ত ভাৰতীয় আৰু ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষ হয়।
বিশেষজ্ঞসকলৰ মতে, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সক্ৰিয়, স্পৰ্শকাতৰ ‘ছাবডাকচন জ’ন’ আৰু ম্যানমাৰৰ ‘ছাগাইং ফল্ট’ দুয়োটা এই অঞ্চলৰ ভূমিকম্পৰ বাবে দায়ী।
২৮ মাৰ্চত ম্যানমাৰত এক ভয়াৱহ ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলৰ জোখ আছিল ৭.৭। এই প্ৰাকৃতিক দুৰ্যোগে ৩৭০০ লোকৰ প্ৰাণ কাঢ়ি নিয়ে।
ভূমিকম্পৰ ফলত ম্যানমাৰৰ চুবুৰীয়া দেশ থাইলেণ্ডতো ক্ষতিসাধন হয়। উল্লেখ্য যে, ২৮ মে’ত পুনৰ মণিপুৰত আন এক ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলৰ মাত্ৰা আছিল ৫.২।
পৰৱৰ্তী ভূমিকম্পটো পুৱা ২:২৬ বজাত অনুভৱ কৰা হয়। দ্বিতীয়টো ভূমিকম্পৰ তীব্ৰতা আছিল ২.৫। মাজনিশা আফটাৰশ্বকে আতংক বিয়পাই তোলে।
সাধাৰণলোক ৰাজপথলৈ ওলাই আহে । মেঘালয়, ত্ৰিপুৰা, অসমৰ লগতে চুবুৰীয়া দেশ বাংলাদেশতো কম্পন অনুভৱ হয়।অৱশ্যে ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।