CM Meeting:
বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বাবে মঙলবাৰে বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা ৷
ADVERTISEMENT
লোকসেৱা ভৱনত অনুস্থিত হোৱা বৈঠকত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ ৩খন জিলাতে বিকাশৰ শ্ৰীবৃদ্ধিৰ বাবে এক উমৈহতীয়া উন্নয়ন লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বিশেষকৈ অসামৰিক চিকিৎসালয়সমূহত এম আৰ আইৰ সুবিধাসমূহ ক্ষিপ্ৰ কৰাৰ বাবে আহ্বান জনায় বিষয়া সকলক ৷ বৈঠকত অংশগ্ৰহণ কৰা বৰাক উপত্যকাৰ মন্ত্ৰী-বিধায়ক সকলে দিল্লী আৰু কলকাতাত বৰাক ভৱনৰ প্ৰস্তাৱ আগবঢ়ায় ৷ উল্লেখ্য যে বৰাক সাংস্কৃতিক আৰু ক্ৰীড়া মহোৎসৱৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হয় বৈঠকত ৷