Namrata Murder Case Update:
যুৱ অধিবক্তা নম্ৰতা বৰা কাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে মেঘালয় আৰু অসম আৰক্ষীয়ে ৷ নম্ৰতা পৰিয়ালৰ আহ্বানৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঘটনাই তদন্ত কৰিবৰ বাবে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাক জনাইছিল অনুৰোধ । ইয়াৰ পিছৰে পৰা বিশেষ তৎপৰ হৈ পৰে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী ৷
ADVERTISEMENT
সোমবাৰে নিশা মেঘালয়ৰ আৰক্ষী দলে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত থকা নম্ৰতা বৰাৰ ফ্লেটত অভিযান চলাই জব্দ কৰিলে এটা আই ফোন ৷ উল্লেখ্য যে, ৪ বন্ধু-বান্ধৱীৰ সৈতে নিশা মেঘালয় নংপোলৈ ফুৰিবলৈ গৈ ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ গৈছিল নম্ৰতা বৰাৰ ৷ ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে একাধিক চাঞ্চল্যকৰ তথ্য ৷