Venice:বিশ্বত অনেক ধুনীয়া চহৰ আছে। কিন্তু ইটালীৰ চহৰ ভেনিচ এইক্ষেত্রত অতিশয় আকর্ষণীয়। যিকোনো পর্যটকেই এই চহৰত উপস্থিত হৈ মুগ্ধ হৈ পৰিব পাৰে। কাৰণ চহৰখনৰ এটা বিশেষত্ব আছে।
দেখিলে এনে লাগিব যেন ভেনিচ নামৰ সৰু চহৰখন পানীতহে উপঙি আছে। সেই বিশেষত্বই ভেনিচৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰি তুলিছে। চহৰখনক পানীত উপঙি থকা কিছুমান ক্ষুদ্র ক্ষুদ্র দ্বীপ যেন পৰিলক্ষিত হয়।
চহৰখনত প্রায় ১২০টা ক্ষুদ্র দ্বীপ আছে। সেইবোৰৰ মাজত আছে অনেক খাল বা প্ৰণালী আৰু সৰু সৰু দলং। ইটালীৰ এই চহৰখন নাও বা খোজকাঢ়িহে চাব পাৰি।
সম্পূৰ্ণৰূপে পানীৰ ওপৰত থকা এই চহৰখন সমগ্ৰ বিশ্বৰ পৰ্যটকৰ বাবে অতি আকৰ্ষণৰ স্থল। তিনি লাখৰো কম জনসংখ্যা থকা ভেনিচলৈ প্রতিদিনে প্রায় ৫০ হেজাৰ পৰ্যটক আহে।
চহৰখনৰ গঠন ইমানেই সুগঠিত যে প্রধান ভেনিচখন প্রায় ছশ বছৰ ধৰি একে ধৰণেৰে আছে। ইয়াৰ আকাৰত কোনো পৰিৱৰ্তন ঘটা নাই। ভেনিচ নামৰ এই অনুপম চহৰখনৰ সম্পৰ্কে কেতবোৰ মজাৰ তথ্য তলত উল্লেখ কৰা হ’ল-
* চহৰখনত অনেক সৰু সৰু গলি আছে। গলিৰ উপৰি ইয়াত ৰাস্তাৰ ভূমিকা পালন কৰিছে খালবোৰে। সেই খালবোৰত নাও চলে। এই নাওবোৰক গ’ণ্ডোলা বুলি কয়। এইবোৰ খালৰ ওপৰত ৪০০ সৰু-বৰ দলং আছে। সেই দলংবোৰেই বিভক্ত হৈ থকা চহৰখনক যুক্ত কৰি ৰাখিছে।
* খালবোৰৰ কাষতে ধুনীয়া ধুনীয়া ঘৰবোৰ নিৰ্মাণ কৰা হৈছে। সেই ঘৰবোৰে প্ৰাচীন ভেনিচৰ জাকজমকতাৰ প্ৰমাণ দিয়ে। এই ঘৰবোৰ পলসুৱা মাটিত কাঠৰ খুটাৰ ওপৰত থিয় হৈ আছে।
* ভেনিচৰ সবাতোকৈ বৃহৎ খাল গ্রেণ্ড কেনেলৰ আকাৰ ইংৰাজীৰ ‘এছ’ আখৰটোৰ দৰে। এই খালটোৱে চহৰখনক সম্পূৰ্ণৰূপে দুভাগত বিভক্ত কৰিছে।* ২.৫ মাইল দূৰত্বৰ এই খালটোৰ গভীৰতা হ’ল ১৬ ফুট।
* ইয়াৰ এটা গলিক বিশ্বৰ সবাতোকৈ ক্ষীণ গলিৰ আখ্যা দিয়া হয়। গলিটো মাত্র ৫৩ ছেন্টিমিটাৰ বহল।