Ajp Pressmeet:
অসম ভূমি প্ৰশাসন আয়োগ (Assam Land Governance Commission) গঠন আৰু ইয়াৰ উদ্দেশ্য সন্দৰ্ভত অসম চৰকাৰে যোৱা ৯ জুনত জাৰি কৰা চৰকাৰী স্পষ্টীকৰণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে (অ.জা.প)। দলটোৱে আজি এক সংবাদমেল যোগে চৰকাৰৰ দাবীবোৰক অসত্য আৰু বিভ্ৰান্তিকৰ আখ্যা দি কয় , চৰকাৰে ভূমি অধিকাৰৰ ক্ষেত্ৰত গোপন উদ্দেশ্য আগত লৈ কাম কৰি আছে।
উল্লেখযোগ্য যে যোৱা ৪ জুনত সংবাদ মেল পাতি অসম জাতীয় পৰিষদে ভূমি প্ৰশাসন আয়োগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ উদ্দেশ্যত সন্দেহ ব্যক্ত কৰাৰ লগতে জনমত দাখিলৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ দাবী জনাইছিল। তাৰ পিছত চৰকাৰে সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰাৰ লগতে কালি বাতৰি কাকতত এক বিজ্ঞাপন প্ৰকাশ কৰি অসম জাতীয় পৰিষদে ইতিপূৰ্বে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰে।
আজিৰ সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপ-সভাপতি চন্দ্ৰকান্ত দাসে কয় যে চৰকাৰে জাতীয় পৰিষদৰ বক্তব্যক অস্বীকাৰ কৰি বিবৃতিযোগে দাবী কৰিছে যে তেওঁলোকে ন্যায়াধীশ (অৱ ) বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ মতেহে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু প্ৰকৃততে বিপ্লৱ শৰ্মা কিমিটিয়ে ১৮৮৬ চনৰ ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম’ বাতিল কৰিবলৈ কোনো পৰামৰ্শ দিয়াই নাই। বৰং কমিটিৰ প্ৰতিবেদনত (পৃষ্ঠা ৫৭, ধাৰা ৭.৬.৪) স্পষ্টকৈ কোৱা হৈছে , এই আইন কঠোৰভাৱে বলৱৎ হ’ব লাগে।
দলটোৱে কয়,যিহেতু কমিটিয়ে এনে পৰামৰ্শ দিয়াই নাই, তেন্তে চৰকাৰে আইনৰ সংশোধন বা প্ৰত্যাহাৰৰ যি প্ৰচেষ্টা চলাইছে, সেয়া বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ বুলি জনোৱাটো জনগণক বিভ্ৰান্ত কৰাৰহে প্ৰচেষ্টা।লগতে দলটোৱে প্ৰশ্ন তোলে , কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব – যি উক্ত কমিটিৰ সদস্য সচিব আছিল, তেওঁ এই প্ৰতিবেদনত চহী কৰিছে নে নাই? কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰিছে নে নাই? এইবোৰ প্রশ্নৰ সদুত্তৰ নোপোৱালৈকে, প্ৰতিবেদনৰ মূল্যই নাই।
চৰকাৰে জনজাতি আৰু সংৰক্ষিত শ্ৰেণীৰ ভূমি অধিকাৰ খর্ব কৰা নহয় বুলি দাবী কৰাৰ প্ৰতি ওলোটা প্ৰশ্ন উত্থাপন কৰি দলটোৱে কয় , যদি সেয়াই হয়, তেন্তে পলাশবাৰীৰ বৰদোৱাৰ চাহ বাগান সংলগ্ন ১৬০০ একৰ জনজাতীয় মাটি উপগ্ৰহ নগৰ গঢ়াৰ বাবে কাক দিব খুজিছে ? ইয়াতেই চৰকাৰৰ দাবী আৰু বাস্তৱৰ মাজত বিশাল বিসংগতি দেখা যায়।
নেতাত্ৰয়ে কয় , ১৯২৭ চনৰ পৰাই ১৮৮৬ৰ অসম ভূমি আৰু ৰাজহ অধিনিয়ম অনুসৰি কৃষি ভূমি অনাকৃষককলৈ হস্তান্তৰ নকৰাৰ নিয়ম প্ৰযোজ্য হৈ আহিছিল। উক্ত কাৰণত কৃষকসকলৰ মাটি সংৰক্ষিত হৈ আছিল। কিন্তু যোৱা ১০ বছৰত চৰকাৰে এই নিয়ম সলনি কৰি খিলঞ্জীয়া কৃষকক ধনী বা বহিৰাগত গোষ্ঠীৰ আগত অসহায় কৰি পেলাইছে। উক্ত নতুন নিয়মৰ বাবেই থলুৱা কৃষকৰ মাটি পুঁজিপতি গোষ্ঠীসমূহৰ হাতলৈ যোৱাটো বাঢ়়িছে।
দলটোৱে আক্ষেপ প্ৰকাশ কৰি কয় , নতুন ব্যৱস্থাত ভূমি অধিনিয়ম সলনি হ’লে ভূমিৰ পুৰণি নথি, জমাবন্দি আদি কি কৰা হ’ব সেইটো চৰকাৰে স্পষ্ট কৰা নাই। গঁড়ৰ খড়্গ দাহ কৰাৰ ফলত চোৰাং চিকাৰী সন্ধান অভিযানৰ গুৰিলৈকে যোৱাৰ পথ বন্ধ হৈ পৰাৰ দৰে উল্লিখিত নথিবোৰ নাইকীয়া কৰি দিলে এফালে পুৰণি ভূমি বিবাদ নিস্পত্তি কৰিব পৰা নাযাব, আনহাতে নতুন নতুন ভূমি বিবাদৰ সৃষ্টি হ’ব আৰু নথিৰ অভাৱত সেই বিবাদৰ ন্যায়সংগত নিস্পত্তি সম্ভৱপৰ নহ’ব।
আনহাতে ভূমি অধিগ্ৰহণ কেন্দ্ৰীয় আইনৰ অধীনস্থ বিষয় বুলি উল্লেখ কৰি দলটোৰ উক্ত শীৰ্ষ নেতাত্ৰয়ে কয় যে এনে অৱস্থাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আইন সংশোধন কৰিব নেকি সেইটো স্পষ্ট কৰা প্ৰয়োজন।
ভূমি প্ৰশাসন আয়োগে জনমত দাখিলৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিব লাগে বুলি দলৰ পূৰ্বৰ দাবী আজি পুনৰ দোহাৰে। লগতে আয়োগৰ খচৰা প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দাবী জনাই কয় যে ৰাইজে যাতে ভূমিৰ দৰে স্পৰ্শকাতৰ বিষয়ত সজাগভাৱে অংশগ্ৰহণ কৰিব পাৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব।
দলটোৰ তিনিওগৰাকী নেতাই কয় ,মাটি আমাৰ অস্তিত্ব, সত্তা আৰু অধিকাৰৰ মূল আধাৰ। এই বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ হ’ব নালাগে। চৰকাৰে স্বচ্ছতা আৰু ৰাইজৰ আস্থাৰ ক্ষেত্ৰত যত্নবান হ’ব লাগিব।”আজিৰ সংবাদমেলত দলৰ দুই সম্পাদক অমৃত খাটনীয়াৰ আৰু চিত্তৰঞ্জন বসুমতাৰীও উপস্থিত থাকে।