Youth arrested with pistol bullets:
মহানগৰ আৰক্ষীৰ জালত প’ৰ্টেলৰ সাংবাদিক ৷ দিছপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত কাহিলিপাৰাৰ এটা বিলাসী এপার্টমেন্টত অৰ্তকিতে অভিযান চলাই এজন যুৱকক আটক কৰে ৷ যুৱকজনৰ পৰা ৰিভলভাৰৰ সক্ৰিয় গুলী,বেংকৰ ভুৱা ছীলসহ কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰে। আটকাধীন যুৱকজনৰ নাম চাহিল খান (২৭) ৷ আৰক্ষীয়ে নম্বৰপ্লেট বিহীন বগা ৰঙৰ এখন ফৰ্চনাৰ বাহনৰ লগতে এটা প’ৰ্টেলৰ পৰিচয় পত্ৰও জব্দ কৰে ৷ ইতিমধ্যে ধৃত যুৱকজনৰ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷
ADVERTISEMENT