Rapido:
মহানগৰীত ৰেপিড’ চলোৱা দুচকীয়া বাহন চালক সকলৰ বাবে পৰিবহন বিভাগৰ বিশেষ নিৰ্দেশনা ৷ এতিয়াৰ পৰা ৰেপিড’ চলোৱা দুচকীয়া বাহনৰ নম্বৰ প্লেট হ’ব লাগিব হালধীয়া ৰঙৰ ৷ উল্লেখ্য যে,ৰেপিড’ চলোৱা দুচকীয়া বাহনৰ নম্বৰ প্লেট বগা ৰঙৰ হোৱা হেতুকে যাত্ৰীয়ে চিনাক্ত কৰাত অসুবিধা পাইছিল ৷
ADVERTISEMENT
এনেবোৰ কাৰণতে পৰিবহন বিভাগে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেপিড’ চলাবলৈ বিচৰা সকলে আগতীয়াকৈ পৰিবহন বিভাগৰ ল’ব লাগিব পাৰ্মিট ৷ পাৰ্মিটৰ মাচুল ধাৰ্য কৰা হৈছে ৪০০ টকা ৷ একেদৰে বৰ্তমান ৰেপিড’ চলোৱা দুচকীয়া বাহন সমূহ তৎকালেই পূৰ্বৰ বগা ৰঙৰ নম্বৰ প্লেট সমূহ হালধীয়া কৰিবলৈ অনুৰোধ জনাইছে জিলা পৰিবহন বিভাগে ৷