Tax evasion: তিনি বছৰে পাঁচ কোটিৰ কৰ ফাকি, ফাঁচীবজাৰৰ ব্যৱসায়ী ধৃত

foto

Tax evasion:

সামগ্রী আৰু সেৱা কৰ আদায়ত জালিয়াতিৰ আশ্রয় লৈ কে’বা কোটি টকা ফাকি দিয়াৰ অভিযোগত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি) বিভাগে মঙলবাৰে মহানগৰীৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যৱসায়ীজন হ’ল বৰুণ গোৱেল। এছজিএছটি গঠনৰ পাছত এইটোৱেই বিভাগটোৱে কৰা প্ৰথমটো গ্ৰেপ্তাৰৰ ঘটনা।

ADVERTISEMENT

অভিযোগ অনুসৰি, ধৃত ব্যৱসায়ীজনে ভ্রাতৃ তৰুণ গোৱেলৰে মিলি বিগত ২০২২ৰ পৰা যোৱা মাৰ্চলৈ কমেও পাঁচ কোটি টকা এছজিএছটি ফাকি দিয়াৰ তথ্য বিভাগটোৱে লাভ কৰিছে। বৰুণ গোৱেলৰ ফাঁচীবজাৰত শিৱ ট্রেডাৰ্ছ নামৰ এখন ব্যৱসায়িক প্রতিষ্ঠান আছে। একেদৰে তৰুণ গোৱেলৰো গোৱেল ট্ৰেডাৰ্ছ নামৰ আন এখন প্রতিষ্ঠান আছে। ভ্রাতৃক সহযোগী হিচাপে লৈ বৰুণ গোৱেলে ভুৱা নথিৰে নিজৰ ব্যৱসায়ৰ বিপৰীতে আদায় দিবলগীয়া এছজিএছটি ফাকি দি আহিছিল।

বিভিন্ন সামগ্রী যোগানৰ ব্যৱসায়ৰ লগত জড়িত বৰুণ আৰু তৰুণৰ দুয়োখন প্ৰতিষ্ঠানত সোমবাৰে  এছজিএছটিৰ এটা দলে তালাচী চলাই বহু নথিপত্ৰ যোগাৰ কৰে। সন্ধিয়া বৰুণক এছজিএছটিৰ কার্যালয়লৈ নিয়া হয়। গোটেই নিশাজুৰি চলোৱা জেৰাত কৰ ফাকি দিয়া বুলি বৰুণে স্বীকাৰ কৰে। তাৰ পাছতে মঙলবাৰে ব্যৱসায়ীজনক এছজিএছটিয়ে গ্ৰেপ্তাৰ কৰে। এনে আৰু অধিক অভিযান আগন্তুক দিনত অব্যাহত থাকিব বুলি বিভাগটোৰ শীৰ্ষ সূত্রই সদৰী কৰে। ইয়াৰ বাবে তেওঁলোকৰ হাতত জালিয়াতিৰ বহু নথিপত্র জমা হৈছে বুলিও জনায়।

Exit mobile version