Ahmedabad Plane Crash: গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা। বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ।
বিমানখনত ভাৰতীয় যাত্ৰীৰ লগতে বহু বিদেশীও আছিল। অভিশপ্ত বিমানখনত কিমানজন বিদেশী যাত্ৰী আছিল? বিমানখনত কোন কোন দেশৰ যাত্ৰী আছিল?আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় এআই-১৭১ বিমানখন।
দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াই এক্সত এটা প’ষ্ট কৰিছিল।সেই প’ষ্টটোত উল্লেখ কৰা হৈছিল যে বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰু আছিল।
যাত্ৰীসকলৰ ভিতৰত ২১৭জন আছিল প্ৰাপ্তবয়স্ক। ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, সাতজন পৰ্তুগীজ আৰু এজন কানাডিয়ান নাগৰিক। ইয়াৰ উপৰিও বিমানখন আছিল একাধিক শিশু।
আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ উৰা মাৰিছিল বিমানখন। বিমানখন আছিল বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ। এই বিমানখন আছিল আধুনিক যাত্ৰীবাহী বিমানসমূহৰ ভিতৰত অন্যতম।
বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু লোকে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে। ব্ৰিটিছ বৈদেশিক মন্ত্ৰালয়ে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত কয় যে,আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বিষয়ে আমি অৱগত।
ভাৰতৰ স্থানীয় কৰ্তৃপক্ষৰ স’তে জৰুৰী ভিত্তিত ব্ৰিটেইনে কাম কৰিছে। ব্ৰিটিছ নাগৰিকসকল ভিতৰত যিসকলে তেওঁলোকৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ প্ৰতি উদ্বিগ্ন তেওঁলোকে ০২০ ৭০০৮ ৫০০০ নম্বৰত ফোন কৰিব পাৰে।