Social Media Influencer: পঞ্জাৱত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হ’ল এগৰাকী ইনফ্লুৱেঞ্জাৰ মৃতদেহ। বিশ্ববিদ্যালয়ৰ চৌহদত ৰখাই থোৱা এখন গাড়ীৰ পিছফালৰ চিটৰ পৰা উদ্ধাৰ হ’ল ইনফ্লুৱেঞ্জাৰগৰাকীৰ পচি যোৱা মৃতদেহ । ঘটনাটোৱে এতিয়া এক ৰহস্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম কমল কৌৰ। বাথিণ্ডা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তাত ৰখাই থোৱা গাড়ীখন দেখি প্ৰথমে কোনো সন্দেহ কৰা নাছিল।
কিন্তু পাছত গাড়ীৰ পৰা পচি যোৱা গোন্ধ ওলোৱাত সন্দেহৰ সৃষ্টি হ’ল। তেতিয়াই তেওঁলোকে আৰক্ষীক খবৰ দিলে। আৰক্ষী আহি গাড়ীৰ দুৱাৰ খোলাৰ পাছতে উদ্ধাৰ হয় মৃতদেহ।
আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ বয়স প্ৰায় ৩০ বছৰ। ভাটিন্দাৰ আৰক্ষী অধীক্ষক ,নৰেন্দ্ৰ সিঙে কয় যে, “এখন বিশ্ববিদ্যালয়ত ৰখাই থোৱা গাড়ীৰ পৰা পচি যোৱা গোন্ধ ওলোৱাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল এটাই সেই স্থানলৈ গৈ বিষয়টোৰ তদন্ত কৰে। তাৰ পাছত গাড়ীৰ ভিতৰৰ পৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তেওঁৰ নাম কাঞ্চন কুমাৰী ওৰফে কমল কৌৰ। প্ৰাথমিক তথ্য অনুসৰি,তেওঁ লুধিয়ানাৰ বাসিন্দা।”
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ সময়ত তেওঁলোকে জানিব পৰা মতে কমলে যোৱা ন জুনত ঘৰৰ পৰা ওলাই গৈছিল।
তেওঁ পৰিয়ালক জনাইছিল যে তেওঁ বাথিণ্ডালৈ এটা অনুষ্ঠানৰ বাবে গৈছে। তেতিয়াৰ পৰা কমলৰ পৰিয়ালৰ স’তে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে চিচিটিভি ফুটেজ।
যিখন গাড়ীৰ পৰা কমলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল সেই গাড়ীখন এজন ব্যক্তিয়ে চলাইছিল। চি চি টিভি ফুটেজত দেখা গৈছে যে মানুহজনে গাড়ীখন ৰখাই আঁতৰি গৈছে। চালকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।