Child Sold by Father:
মাতৃৰ কোলাৰ পৰা আঠ মহীয়া শিশু সন্তানক কাঢ়ি নি অন্য লোকৰ ওচৰত বিক্ৰী কৰিলে পাষাণ পিতৃয়ে | এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ কাজলগাঁৱত ।
মুংলী মুৰ্মুৰ নামৰ এগৰাকী আদিবাসী মাতৃৰ কোলাৰ পৰা আঠ মহীয়া শিশু সন্তানক কাঢ়ি নি অন্য লোকৰ ওচৰত বিক্ৰী কৰিলে দাৰাও মুৰ্মু নামৰ পাষাণ পিতৃয়ে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰি নিজৰ আঠ মহীয়া শিশু সন্তানক বিছাৰি কাজলগাঁও থানাত উপস্থিত হয় দুৰ্ভগীয় মাতৃ মুংলী মুৰ্মু । কাজলগাঁও থানাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই চিৰাং জিলাৰ এজন সাংবাদিকে বিক্ৰী কৰা শিশু সন্তানটিৰ অনুসন্ধানত নামি পৰে ।
সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপ -সভাপতি দুৰ্গা চোৰেণৰ সহযোগত সাংবাদিকজনে চিদলী থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱত জনৈক মঙ্গল মুৰ্মু নামৰ এজন ব্যক্তিৰ ঘৰত শিশুটিক প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক অৱগত কৰা হয়। তাৰ পিছতেই কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত বালাপাৰা গাঁৱৰ মঙ্গল মুৰ্মুৰ ঘৰৰ পৰা শিশুটিক উদ্ধাৰ কৰি লৈ যায়।
ইপিনে শিশুটিক ৰখা মঙ্গল মুৰ্মুৰ মন্তব্য শিশুটিৰ পিতৃ তেওঁৰ সম্বন্ধীয় ভাগিন। তেঁও শিশুটিক অন্য ব্যক্তিৰ ওচৰত বিক্ৰী কৰিব বিছাৰিছিল যদিও মঙ্গল মুৰ্মুই বেলেগৰ ওচৰত বিক্ৰী কৰিব নিদিও বুলি শিশুটিক নিজৰ লগতে ৰাখিছিল বুলি দাবী কৰে ।
ইপিনে শিশুটিক ঘুৰাই পোৱাৰ পিছতেই আবেগিক হৈ পৰে দুৰ্ভগীয়া মাতৃ গৰাকী। চলচলীয়া দুচকুৰে হেৰুৱা সন্তানক বুকুত লোৱাৰ দৃশ্যই উপস্থিত সকলক আবেগিক কৰি তোলে । লগতে কয় এজন দাদাই শিশু উদ্ধাৰত সহায় কৰা বুলি ।
এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা চৰেনে। ঘটনাটোক দুৰ্ভাগ্যজনক বুলি আখ্য দি ঘটনাত জৰিত পাষাণ পিতৃ জনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে চাওঁতাল ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে।